দোলক
স্বপ্নালী কলিতা
দুলি আছে...
পকিসৰা বেলিৰ বিদায় সভাৰ
খৰিভাৰীজন,
বেহেলাত মজলিছৰ শেষ তালটো,
মৌচুমীটেঙাৰ শেষ ৰসকণ,
ডায়েৰীৰ ইলুটি সিলুটি পাত
আৰু
একাপ ফিকা চাহ।
দুলিবৰ বাবে কোনো সাংগীতিক লয় অথবা
গৰখীয়া সুৰৰ প্ৰয়োজন নহয়।
নদীৰ খহনীয়া
পাৰৰ গছত পানীখেল
বৰশী ৰছীত জীৱন-খেল…
এমুঠি চাউল আৰু এচৰু পানী,
এটা ফেনোৱা সপোন আৰু লেজু হোৱা
কিছু আলাপ (বিলাপ)
এখন ফিচিকা এৰী কাপোৰ অথবা
আলিমূৰৰ দমকলৰ একলহ পানী।
দুলি থাকে
দুলি দুলি গা-মূৰি দিয়ে
সৰি থাকে গাঁঠিকথা
জ্বলি থাকে নৰাপেঁপাৰ বেথা
শুহি থাকে লাজভঙা নিশাৰ গাথা।
দুলিবৰ বাবে কোনো
দোলক নালাগে
নালাগে বিশেষ কিছু।
লাগে মাথো
আবতৰৰ কিছু সংযোগ
কিছু বিয়োগ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment