অ’পেন দ্যা দ’ৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

অ’পেন দ্যা দ’ৰ

 


অ’পেন দ্যা দ’ৰ 


                      জুনু বুঢ়াগোহাঞি

                                 গুৱাহাটী


কিমানজনে চিঞৰি আছিল

কিমানজনে চিঞৰি আছে

Open the door—


কোনখন দুৱাৰ খোলাৰ কথা

কোনে কৈছে

খুলিব কোনে

শুনিব কোনে

বুজিব কোনে ?


আৰু কিমানজন চিঞৰি নোহোৱা হ’ল

কিমানজন ভাগৰি টোপনি গ’ল

হিচাপ ৰাখিব কোনে

জানিবলৈ বিচাৰিব কোনে ?


আপুনিয়েই কওক

টাইটানৰ ভিতৰত কোনজনে চিঞৰিছিল

‘Open the door’—



Stockton Rude নে Paul Henri

নে Hamish Harding

নক’লেও খুলিলেহেঁতেন

নিচিঞৰিলেও খোল খালেহেঁতেন

শেষৰখন দুৱাৰ

সাগৰীয় দুৱাৰ।


আপুনি ভুল নকৰিব

খুলিবলৈ কোৱা দুৱাৰখন 

নিকোলাছ ৰ’ৰিকৰ ‘And we are opening the gate’ৰ

দুৱাৰখন নহয়

এখন কথা কৈ থকা ছবি।


সকলোৰে বাবে সকলো দুৱাৰ খোলা আছে বুলি

জয়গান গোৱা সকলৰ কথা শুনি

বাহিৰলৈ ওলাবলৈ লওঁতেহে

গ’ম পোৱা গ’ল

সকলো ভেল্কীবাজী

বন্ধ কেৱল বন্ধ।


অৱশ্যে আপুনি-মই

Open the door বুলি চিঞৰি নাথাকিলেও

এখন দুৱাৰ খোল খাব এদিন

আপোনা-আপুনি।


সেইখন দুৱাৰেদি নাযাওঁ বুলিলেও

যাবই লাগিব


কোন আপুনি

কোন মই

নাযাওঁ বুলিবলৈ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages