ষোল্লটা বছৰৰ মোৰ বাবে নৱবৰ্ষ অনুভৱবোৰ
মিনাক্ষী গগৈ
যোৰহাট
নৱবৰ্ষ অৰ্থাৎ নতুন বছৰ বা নতুন বৰ্ষ। বৰ্তমান সময়ত আমাৰ মাজত পুৰণি হ’বলৈ ধৰা বছৰটি বিদায় দি নতুন বছৰ অহা অপেক্ষাৰত সমুদায় মানৱ জাতিয়ে ভৱিষ্যতৰ বছৰটি লৈ বীজ সিঁচিলে চাগৈ। পিছে নহব’নো কিয় ? যেতিয়া আমাৰ মাজত মনে মিলাকৈ এটা বস্তু থাকে তেতিয়া সকলো থিকে থাকে কিন্তু যেতিয়া পুৰণি হ’বলৈ ধৰা বস্তুটোৰ সলনি এটা নতুন বস্তু আহে, তেতিয়া পুৰণি বস্তুটোৰ সমাদৰ কমি আহে। আৰু এদিন ই নোহোৱা হৈ যোৱাও আশংকাৰ থাকে। সামান্য বস্তুৰ পৰা এটা ডাঙৰ বস্তু লৈকে ই একেই।
পিছে আমাৰ দৰে সাধাৰণ জনসাধাৰণে নতুন বছৰ টি অহা অপেক্ষাৰত বাট চাই থাকে। নতুন বছৰ টি আহিব খুব সুন্দৰকৈ আদৰি আনিম। কিন্তু আমি বিদায় দিয়া পুৰণি বছৰটি সুখ-দুখৰ, আনন্দ ফুৰ্টি মূহুৰ্ত খিনি আকৌ পামনে ঘূৰাই। হয়তো আৰু নাপাওঁ। আমি জানো পৃথিৱীখনেই এনেকুৱা।
পুৰণি বছৰটি আৱেগবোৰ সঁচাকৈয়ে পুৰণি হ’ল নেকি ? দেউতাৰ কষ্টৰ সাৰ্থকত পৰিপূৰ্ণ হোৱা খেতি ডৰা আকৌ এবাৰ এনেকৈয়ে দেখিবলৈ পালন নে ? মৰম- চেনেহ বোৰ, আদৰ-সাদৰবোৰ, প্ৰেম ভালপোৱা বোৰো নতুন বছৰত থাকিব নে একেই। কিন্তু মোৰ বিশ্বাস একেই হয়তো থাকিব। কিন্তু আৰু কিমান দিন। আকৌ, আজি আমাৰ বাবে থকা নতুন বছৰ টিও এদিন আমাৰ বাবে পুৰণি হ'ব। তেতিয়া আকৌ এটা নতুন বছৰ আহিব। তেতিয়া বাৰু সঁচাকৈয়ে আপুনি মোক পাহৰি যাব নেকি ? হয়তো আপুনি মোক পাহৰিলেও পুৰণি বছৰটিলৈ চকু ফুৰাই নিশ্চয় চাব। নে পুৰণি বছৰটি আপোনাৰ জীৱনৰ পৰা হেৰাই গ'ল। সেয়েহে সকলোকে মোৰ মাথোঁ এটাই অনুৰোধ - “যিমানেই নতুন বছৰ বোৰ আমাৰ বাবে পুৰণি হ’ব সিমানেই স্মৃতি বোৰ ধৰি ৰাখিব।ইয়াক কেতিয়াও হেৰাই যাব নিদিব।” কাৰণ এবাৰ হেৰুৱা বস্তু বোৰ অতি সহজে ঘূৰাই পাব নোৱাৰি। পাৰিব নে আপুনি মোৰ অনুৰোধ ৰক্ষা কৰিব ? হয়তো এয়া আপোনাৰ বাবে কঠিন হ’ব কিন্তু এয়া নকৰিলে আমাৰ যে উপায় নাই। আৰু মোৰ এই আশা বোৰ, সপোন বোৰ তথা বাক্য বোৰ এদিনত গঢ়া নহয়। ১৬ ৰ টি বসন্ত গৰকা লৈকে প্ৰতিটো খোজতে, প্ৰত্যেক টো সমস্যাতে অনুভৱ কৰা এটা সত্য আৱৰণ।
আশাকৰোঁ বিদায় দিয়া পুৰণি বছৰবোৰ নতুন বছৰৰ দৰে সদায়ে আহক মানৱ জাতি জীৱনলৈ। নতুন বছৰ বোৰ চিৰদিন নতুন হৈয়ে ৰওক আৰু পুৰণি বছৰ বোৰ নৱবৰ্ষ কৰি ৰাখক।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment