সময় নে অসম
টম মেদক
(ছেমিমা বাইদেউলৈ)
সকলো বেমাৰে আজিকালি মোকে পায়
আগতে তেনে নাছিল
সাধাৰণ চৰ্দিকাহ হৈছিল
চৰ্দি, মাথোঁন তিনিদিন মুৰৰ বিষ লৈ
শেষ, আৰু চেতেপ গোটেই বছৰটোলৈ
কিন্তু আজিকালি সঘনাই হৈছে বেমাৰ
এই যে ফটুৱা বেমাৰবোৰ
বেমাৰ হৈছে নেতা হোৱাৰ গায়ক শিল্পী হোৱাৰ
মন্ত্ৰীৰ হোৱাৰ বেমাৰ বৰ বেছি হৈছে
আৰু তাতোকৈ কবি সাহিত্যিক হোৱাৰ
বৰ্তমান কিযে সমস্যাৰে জৰ্জড়িত অসম
অসমীয়াৰ অস্তিত্বৰ অস্থি
অস্থি শেষ সৎকাৰ কৰিব লগা দিনতো
ভালে আছিলা হাঁহি মাতি কুশলে আছিলা
কিনো ভূতে লম্ভিলে কিহৰ পাপে চুলে গুৰু গোঁসানী নমনা হ’লা এতিয়া শেষ নোহোৱা কবিতাৰ কথা গুঁজি ল’লা তোৰ বুকুত
বুকুত অলেখ বেথা
কবিতাৰ সেই পথ কেতিয়াও মসৃণ নাছিল
চাপৰি ভাঙি সৰিয়হ এডৰা কৰাৰ কথাও নাছিল
টঙীত উঠি বাঁহীত ফু দিয়া আৰু অইনিঃতমৰ কলি এফাঁকি চিঞৰা
একো নাছিল প্ৰথম দ্বিতীয় বিশ্ব
যুদ্ধৰ জয় পৰাজয়
সৈনিকৰ হাজাৰটা পৰিয়ালৰ
এতিয়া অসমীয়াৰ অস্তিত্বৰ আলাপ কৰি কৰি য’ত থিয় হ’লা তাতে মই আগৰে পৰা আছিলোঁ
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment