কবিতাৰ নিৰ্দিষ্ট দৰ্জা খিৰিকী নাই
লক্ষী প্ৰসাদ ৰেগন
এহালি বালিমাহীৰ দুপৰীয়া এটাৰ সৈতে ফুচফুচনি
সেয়া আছিল নদীৰ পাৰত। ঠোঁটত বাজিছিল ভঙা শামুকৰ চিঞৰ
তৰ্জনী আঙুলিৰ কেলকুলেটৰ এটাৰে
বাৰীঢাপৰ নেমু আৰু
পদুলিমুখৰ কাকিনি তামোল বিকি এম এ পঢ়া ল'ৰাটোৰ আজি চাকৰি এটা হ'ল
ময়ো অলপ লিখিব পঢ়িব জনা
দেউতাৰ বুটী কোৰ বুটী নাঙল আৰু জাপিটো পালেই হ’ব। পিছফালৰ আবাদী মাটিত কৰিম
এহলীয়া হালৰ খেতি
মাটি ভাঙি মাটিৰ পাহাৰ গঢ়িম। চূড়াত জিলিকিব আনে নেদেখা হাঁহি
কেঁচা মাটিৰ গোন্ধবোৰ মোৰ অতি প্ৰিয় কবিতা
কোনটো পথ ফৰকাল
কোনটো পথ অমাৱস্যা
দুটা চকুৰে এটা মনেৰে ঢুকি পোৱাটো অত্যন্ত এটা জটিল কাম
কবিতা লিখাটো যিমান টান
কবিতা পঢ়াটো তাতকৈ বেছি টান। কাৰণ কবিতাৰ মাজলৈ যাবলৈ
কোনো নিৰ্দিষ্ট দৰ্জা খিৰিকী নাই
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment