দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌল
নৱজ্যোতি বৰা
সোণোৱালী শস্যৰে ভৰা দেশ বৰ অসমৰ এক বৰ্ণিল অধ্যায় শৈক্ষিক, সাংস্কৃতিক, সামাজিক উওৰণে বৰ অসমৰ প্ৰতিটো পৃষ্ঠাই পৃষ্ঠাই লুকাই আছে ঐতিহাসিক সম্বল। ছশ বছৰীয়া (৬০০) আহোম শাসন কালত প্ৰতিটো গৌৰৱ উজ্বল বাহক হিচাপে সগৌৰৱেৰে আজিও জিলিকি আছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং শিৱদৌলটি। নগাঁৱৰ পৰা গ’লে দেৰগাওঁ নোপোৱাৰ আগতে ৰাষ্ট্ৰীয় ঘাই (এতিয়া উক্ত পথটি চাৰি লেন যুক্ত হ’ল) পথৰ পৰা এক কিলোমিটাৰ চা'হ বাগানৰ সেউজীয়াৰ মাজে মাজে উত্তৰে সোমাই গ'লে পাব পাৰি এই সুন্দৰ শিৱদৌলটি। প্ৰকৃতিৰ সৌন্দৰ্য্যৰে সু-শোভিত এটি টিলাৰ উপৰত অৱস্থিত এই শিৱদৌলটি দৰ্শন কৰিবৰ বাবে তিনিকুৰি (৬০) পোন্ধৰটা শিলৰ চিৰি অতিক্ৰম কৰিলে মূল মন্দিৰৰ বাটচ’ৰা পায়। দৌলটি চৌহদত শাৰী শাৰী বেল গছৰে আৱৰি মুঠ দ’হ বিঘা ভূমিৰ মাজ ভাগতে অৱস্থিত এই শিৱদৌলটি চালে চকু ৰোৱাকৈ তৈয়াৰ কৰা হৈছে।
সৰ্ব্বপ্ৰথমে উক্ত শিৱদৌলটি দেৰগাঁৱৰ গেলাবিল নৈ কাষত শিলেৰে নিৰ্মিত এই মন্দিৰটো আছিল। কিন্তু এক প্ৰকৃতিক দুয়োগত সেই শিৱৰ মন্দিৰটো ভাগি পৰিল। তেনে ভাৱে শিৱ মন্দিৰটো বহু বছৰ পৰি থাকিল। পিছত এদিন আহোম স্বৰ্গদেউ প্ৰতাপ সিংহক সপোনত দেখোৱালে যে ইয়াত এটি শিৱ মন্দিৰ পৰিত্যক্ত অৱস্থাত আছে। স্বৰ্গদেয়ে উক্ত মন্দিৰ ভাগ উদ্ধাৰ কৰি পোনৰ নিৰ্মাণ কৰাব লাগে। সেই সপোন দেখাৰ পাছত স্বৰ্গদেউ প্ৰতাপ সিংহই লগোৱা লগাই শিৱ মন্দিৰ ভাগ ১৬২৭ খৃষ্টাব্দত ইটাৰে পুনৰ নিৰ্মাণ কৰালে আৰু মন্দিৰত বান লিংগ প্ৰতিষ্ঠা কৰালে। এই লিংগ আকাৰ প্ৰায় তিনি ফুট আছিল। স্বৰ্গদেউ প্ৰতাপ সিংহই মাজুলিৰ পৰা ভূধৰ আগমাচাৰ্য্যক আনি মন্দিৰৰ মূল পূজাৰী হিচাপে নিয়োগ কৰিলে। এনে দ্বৰে বহু বছৰ চলি থকাৰ পাছত স্বৰ্গদেও প্ৰতাপ সিংহই নিৰ্মাণ কৰা ইটাৰ শিৱ মন্দিৰটো জয়ধ্বজ সিংহৰ সময়ত ব্ৰক্ষপুএৰ গতিপথ সলনি হৈ দিহিং নৈখন ব্ৰক্ষপুএত জাহ যোৱাত এই মন্দিৰো ধ্বংস হয়।
জয়ধ্বজ সিংহৰ পিছত যেতিয়া ৰাজপাটত স্বৰ্গদেউ হিচাপে ৰাজেশ্বৰ সিংহ বহিল তেতিয়া ৰাজেশ্বৰ সিংহই দেৰগাঁৱৰ ধ্বংস হোৱা শিৱ মন্দিৰৰ বিষয়ে জানিব পাৰি স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই গেলাবিল নৈ কাষৰ পৰা উক্ত মন্দিৰটো উঠাই আনি নেঘেৰিটিং টিলালৈ আনিলে । নেঘেৰিটিং নামটো সম্পকে এক জনশ্ৰুতি আছে যে এসময়ত এই টিলাৰ উপৰত অসংখ্য নেঘেৰি চৰাই বাহ আছিল (নেঘেৰি হ’ল এবিধ সৰু চৰাই, দেখাত আমাৰ টিপচী চৰাই বিধৰ দৰে) সেয়ে পিছলৈ এই অঞ্চলটোৰ নাম হ'লগৈ নেঘেৰি আৰু সময়ৰ লগে লগে মানুহৰ মুখ বাগৰি নেঘেৰিটিং হ’লগৈ। নেঘেৰিটিঙৰ প্ৰসিদ্ধ শিৱ দৌলটো আহোম স্বৰ্দদেউ ৰাজেশ্বৰ সিংহৰ দিনত (১৭৫১-১৭৬৯) নিৰ্মাণ কৰা হৈছিল।নেঘেৰিটিং শিৱদৌলটি প্ৰতিষ্ঠা কৰি গেলাবিল নৈ কাষত ধংস হোৱা শিৱ মন্দিৰৰ পৰা শিৱ লিংগ উঠাই নি নেঘেৰিটিং মন্দিৰত প্ৰতিষ্ঠা কৰিলে। নেঘেৰিটিঙৰ শিৱদৌলটি পাঁচটা মন্দিৰৰ সমষ্টি যাক পঞ্চায়তন মন্দিৰ বোলা হৈছিল। এনে মন্দিৰ ভাৰত বৰ্ষতে বিৰল। নেঘেৰিটিঙৰ পঞ্চায়তন মন্দিৰৰ একে বাৰে মধ্য মন্দিৰটো হ’ল শিৱৰ, সন্মুখৰ মন্দিৰ ভাগ দূৰ্গাৰ আৰু গনেশৰ মন্দিৰ, পিছফালৰ মন্দিৰ দুভাগ হ’ল- বিষ্ণু মন্দিৰ আৰু সূৰ্য দেৱতাৰ মন্দিৰ আছে।
এটা সময়ত দেৰগাঁৱৰ শিৱদৌলৰ এক ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল যে ইয়াত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত দেৱদাসী নৃত্য কৰা হেছিল। এই দেৱদাসী নৃত্য কৰা সকলক “নটি” বোলা হৈছিল। দেৱদাসী সকলে নৃত্য কৰোঁতে মূৰৰ ওপৰ মাজভাগত ওখকৈ খোপা বান্দি খোপাত কপৌফুল গুজি লৈছিল। এই উখকৈ বন্দা খোপাক “নেঘেৰী খোপা” বোলা হৈছিল। এই নেঘেৰী খোপাৰ পৰাই উক্ত টিলাটোৰ নাম নেঘেৰি খোপাৰ টিং বা নেঘেৰিটিং হয় বুলি কব পাৰি আৰু পিছলৈ ইয়াত থকা শিৱদৌলটিৰ নামো নেঘেৰিটিং শিৱদৌল হল বুলি বিশ্বাস কৰে। তাহানিত দেৱদাসী নৃত্য উপভোগ কৰিবলৈ আহোম স্বৰ্গদেউ সকলৰ লগতে বহু দুৰ-দুৰণিৰ পৰা নেঘেৰিটিং শিৱদৌললৈ মানুহ আহিছিল। দেৱদাসী নৃত্য ইমানেই জনপ্ৰিয় আছিল যে চিনাতলীয়া দেৱদাসীৰ জয়ৰী ফুলমতীও দেৰগাঁৱৰ দেৱদাসী আছিল। সেই ফুলমতীৰ নৃত্যত মুগ্ধ হৈ স্বৰ্গদেউ শিৱ সিংহই তেওঁৰ গড়-গাৱঁত থকা ৰাজকাৰেঙলৈ নি ফুলেশ্বৰী কুঁৱৰী আৰু পিছলৈ প্ৰথমেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰাণী পাতিলে।
নেঘেৰিটিং টিলাৰ ওপৰত অৱস্থিত মন্দিৰটোৰ চৌপাশৰ নৈসৰ্গিক দৃশ্য অতি মনোমোহা। নেঘেৰিটিং শিৱদৌলটি নিৰ্মাণৰ ক্ষেএত স্বৰ্গদেউ ৰাজেশ্বৰ সিংই নিজ দূৰদৰ্শিতাৰ পৰিচয় এই শিৱদৌলটিয়ে দাঙি ধৰিবলৈ সক্ষম হৈছে। শিৱভক্ত বহুকেইজন আহোম স্বৰ্গদেউৰ নেঘেৰিটিং শিৱদৌলটিলৈ গভীৰ আস্থা আৰু ভক্তি আছিল। তেওঁলোকে এই শিৱদৌলৰ পূজাৰ নিৰ্মালি ঘোঁৰাৰ জৰিয়তে প্ৰতিদিনে পুৱা আহোমৰ ৰাজধানী গড়গাঁৱলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল আৰু উক্ত নিৰ্মালি পোৱাৰ পাছতহে স্বৰ্গদেউ সকলে দুপৰিয়াৰ আহাৰ গ্ৰহণ কৰিছিল। সেই উদ্দেশ্যে নেঘেৰিটিং দেৰগাওঁৰ পৰা ব্ৰক্ষপুএৰ পাৰে পাৰে গজপুৰ (যোৰহাট), দিখৈমুখ হৈ গড়গাৱলৈ এটা আলি বন্ধোৱা হয় আৰু উক্ত আলিটোক বৰআলি নামে জনা যায় ।
কদৈ শিৰীয়া শিলেৰে নিৰ্মাণ কৰা নেঘেৰিটিং শিৱদৌলটি নিৰ্মাণ কৰিবৰ বাৱে ব্যৱহাৰ কৰিছিল মাটিমাহ, বৰাচাউল আৰু বৰালী মাছ । এই তিনিবিধ সামগ্ৰীৰে বনোৱা মিশ্ৰণেৰে তাহানিত আজিৰ চিমেন্টৰ দৰে কাম কৰিছিল। নেঘেৰিটিং শিৱদৌলত মূলতে বৰঠাকুৰ পৰিয়ালে আজিও পূজা অৰ্চনা কৰি আছে। কিবা কাৰণত বৰঠাকুৰ সকলৰ বিশেষ অসুবিধা হ’লে মুকলি মূৰিয়াকৈ গোসাঁইক পূজা অৰ্চনা কৰা হয়। তাহানিত নেঘেৰিটিং শিৱদৌলত বহু মূল্যবান সম্পদ আছিল। যেতিয়া মান সেনাই আহোমৰ ৰাজধানী গড়গাওঁ আক্ৰমণ কৰিবৰ বাবে গৈছিল তেতিয়া মান সকল দেৰগাঁৱত জিৰণি লৈছিল আৰু আগুৱাই যোৱাৰ সময়ত নেঘেৰিটিং শিৱদৌলত থকা মূল্যৱান সম্পদবোৰ লুট কৰি নিজৰ লগত লৈ গৈছিল। আমি যদি ইতিহাস পৃষ্ঠা লুটিয়াই চাওঁ তেতিয়া দেখিম যে আহোম সকল অহাৰ আগতে কছাৰী সকলে গেলাবিল নৈ কাষত প্ৰথমে শিৱ মন্দিৰ ভাগ নিৰ্মাণ কৰাইছিল।যাৰ চিহ্ন আজিও গেলাবিল অঞ্চল পোৱা যায়। যেতিয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙত মন্দিৰ ভাগ বনাইছিল তেতিয়া উক্ত গেলাবিল নৈ কাষত ধ্বংস হোৱা মন্দিৰ শিলবোৰ আনি বৰ্তমানৰ নেঘেৰিটিং মন্দিৰলৈ উঠি যোৱা তিনিকুৰি পোন্ধৰতা চিৰি বনালে ।
নেঘেৰিটিং দেৱালয়ত নিত্য পূজাৰ উপৰিও বাৰ্ষিক শিৱৰাএি আৰু দুৰ্গা পূজা উলহ মালহেৰে পালন কৰা হয়। নেঘেৰিটিং দৌলটি দৰ্শনৰ বাবে অসমৰ লগতে ভাৰতৰ বাহিৰৰ পৰাও দৰ্শনাথী আহে। অসমীয়া আঘোণ মাহত নেঘেৰিটিং শিৱদৌলত যথেষ্ঠ ভক্তৰ ভিৰ বাঢ়ে। আঘোণত আমাৰ অসমৰ চ’হা কৃষক সকলে পথাৰৰ লক্ষিমী আদৰি আনি ঘৰ সোমোযায়। যেতিয়া ধানমাৰি ন -খোৱৰ বাবে প্ৰস্তুত কৰে তেতিয়া নেঘেৰিটিং ওচৰে পাজৰে বসৱাস কৰা কৃষক সকলে শিৱদৌললৈ আহি মহাদেৱৰ শ্ৰী-চৰনত ন-চাউল এমুঠি আগবঢ়াইহে নিজৰ ঘৰত ন-খোৱা পৰ্ব আয়োজন কৰে। এই নিয়ম অতিজৰে পৰা চলি আহিছে। এই নিয়ম আজিও নেঘেৰিটিং অঞ্চলত এক পৰম্পৰা হিচাপে প্ৰচলিত হৈ আছে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪
No comments:
Post a Comment