শিশু দিৱস
মিনু হাজৰিকা
শিশু দিৱস হৈছে শিশু সকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত পালন কৰা এটা বিশেষ দিৱস। চাচা নেহেৰুৱে শিশু সকলক বহুত ভাল পাইছিল। সেয়ে তেওঁৰ জন্মদিনটোত শিশু দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ প্ৰকৃত চিন্তা ধাৰাটো আছিল আমাৰ শিশু সকলক এটা নিৰাপদ আৰু ভালপোৱাৰ পৰিবেশত বাঢ়িব দি লগতে এটা সমান্তৰালভাৱে সুযোগ তেওঁলোকৰ সন্মুখত থিয় কৰাই তেওঁলোকক দেশৰ হিতত, উন্নতি আৰু অগ্ৰগতিৰ বাবে সচেষ্ট কৰি তোলা। শিশু দিৱস সকলো দিৱসতকৈ এক সুকীয়া দিৱস।
কাৰণ য’ত শিশুৰ কথা আহে তাত আল্লাহ, ভগৱান, যীশু আদি সকলোবোৰ শক্তি আৰু ভাৱনা প্ৰসংগ বৰকৈ সহজ সৰল হৈ যায়। আজিৰ শিশু আমাৰ বাবে বা সমাজৰ বাবে এক মুল্যবান সম্পত্তিৰ দৰে।
য’ত শিশু আছে তাত ঘৃণাৰ কোনো অৱতাৰণা নাই। সেইবাবেই এই দিৱসৰ দিনটোত মই নিজেই নিজৰ অন্তৰৰ পৰা এটি শিশু হৈ যাওঁ। আজিকালি প্ৰায়েই দেখা পাওঁ শিশুবোৰক বৰ বৰ ধনী মানুহবোৰে ঘৰত কামবন কৰোৱাবলৈ লৈ যায়। কাৰণ শিশুৰ পাৰিশ্ৰমিক বুলি কিবা এটা দিলেই হৈ যায়। সেই শিশুটিৰ কোলাত মালিকৰ শিশুটিক থৈ যায়। হাতৰ পৰা ভুলতে কিবা পৰি গ’লে শিশুটিক মাৰি পিঠিৰ ছাল এৰাই দিয়ে। মালিকবোৰে ভাবে চাগে সি বা সিজনীৰ কান্দোন ৰুমটোৰ বাহিৰত কেনেকৈ যাব ! মোৰ মতে শিশু দিৱস প্ৰতিদিনেই হ’ব লাগে। আমি মাথোঁ চৰকাৰে কিবাকৰাৰ আশাত হাত সাৱটি বহি থাকো। তাকে নকৰি যদি কেইজনমানে মিলি এজনকৈ শিশুৰ দায়িত্ব লয়, সেয়াই বহুত ফলপ্ৰসূ হ’ব। ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি ক’লেই নহ’ব। সঁচা অৰ্থত নখ বুলি নহয় সম্পূৰ্ণ হাত জোকাৰি দিলেহে কামত আহিব শিশু দিৱসৰ আচল উদ্দেশ্য। NGO কিছুমানে শিশুৰ বাবে কৰা ভাল কামবোৰ আমাৰ সাংবাদিক বন্ধু সকলে প্ৰচাৰ কৰিলে মানুহ আৰু ওলাব শিশুৰ উন্নয়নৰ স্বাৰ্থত।
শিশু সকল আমাৰ ভৱিষ্যত। সেয়ে এই প্ৰজন্মৰ বাবে আমি যিমান পাৰোঁ তেওঁলোকৰ উন্নতিৰ হ’কে আগবাঢ়ি যাওঁ আহক। প্ৰতি গৰাকী শিশুলৈ আন্তৰিক মৰম আশীৰ্বাদ দিলোঁ। সকলোৱে সমাজ তথা দেশৰ একো একোজন সুনাগৰিক হওঁক।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪
No comments:
Post a Comment