বিবিধা
গাৰ্গী ভূঞা
যোৰহাট
১
মোৰ কংক্ৰিটৰ বাৰী
সেয়েহে পৰুৱাই কৰা গাত কেইটাতে ঢেঁকিয়াৰ খেতি কৰিছোঁ
বাৰিষাৰ দিনকেইটাত লঘোনে নমৰো!
২
জোতাই ধৰি অনা শিলটো
মোৰ ঘৰত আহি সৰিল
সেয়েহে কাঁচৰ বাচনবোৰ
মই, চন্দুকত ৰাখিছোঁ!
৩
টোপনিবোৰ বিক্ৰী কৰিছোঁ
সুখবোৰ বন্ধকীত থৈছোঁ
নিৰাপত্তাৰ অভাৱত আমি কুকুৰ পুহিছোঁ
আৰু কুকুৰবোৰে আমাক!
৪
ভাল সময়ৰ আশাত
আৰু নোপোৱাৰ হতাশাত
যি ফুঁ মাৰি উৰুৱাই দিছোঁ
সেয়াও সময়েই !
৫
ইন্ধন নোহোৱাকৈও ইয়াত জুই জ্বলে
পানী নোহোৱাকৈও ইয়াত জুই নুমায়
এইখন চহৰত এসাৰ মাতেৰেই হয়
বনজুইৰ জন্ম আৰু মৃত্যু
৬
মই যি চোবাই খাইছোঁ
তুমি সেয়া পি খাইছা
কোনোৱে গিলি থৈছে
একেই কথাৰ একেদালেই জৰী
আৰু একেদাল জৰীতে অনেক গাঁঠি
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:
Post a Comment