আমাৰ মইনা
দীপিকা ফুকন
আঘোণ আহিল শোণগুটি পকিল
ধানেৰে উপচা ধৰা
বেলিৰ পোহৰত নিয়ৰৰ টোপালত
জিলিকে ধান কটা নৰা।
দুৱৰিৰ বুকুত এটোপ দুটোপ
যেন মুকুতা মণি
দেও দি যায় আমাৰ মইনা
সমুখত সুখৰ খনি।
নৰা পেঁপা বজাই লেচেৰি বুটলে
নিগনি গাততো চকু
মাহী পেহী খুড়ী বৰমা আইতা
সকলোৰে ভৰে বুকু।
জপিয়াই ফুৰা তামূলী ফৰিং
আমাৰ মইনাই ধৰে
ধানৰ নৰাই ভৰি অঁকিআই
গধূলি ধুৱাঁওতে আটাহ পাৰে।।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:
Post a Comment