আঁক-বাক
বিশ্বজিৎ শইকীয়া
কাৰ্বি আংলং
(নয়নলৈ.....)
তেওঁ ৰৈ আছে
এখন বেনামি নৈৰ পাৰত,
তেওঁৰ ঘাটত নাই নাওঁ।
তেওঁ ৰৈ আছে
এটা পাহাৰৰ তলত
তেওঁৰ হাতত গজিছে ঢেঁকীয়া
তেওঁৰ বুকুত জ্বলি উঠে কোনোবা
পাহাৰীয়া প্ৰেম কাহিনীৰ বনজুই।
তেওঁ বহি আছে
এটা শিলত, যিটো শিলত।
পৰিছে শেলাই,
তেওঁ কৈ আছে
এজাক বৰষুণৰ কথা
যিদিনা তেওঁ তিতিছিল ৰ'দত।
তেওঁ ছবি আঁকে
পথাৰৰ সেউজীয়া ছবি
বতাহত থোক মেলা ধানৰ নাচোনৰ ছবি,
তেওঁৰ হাঁহিত ফুলে দৰুণ পুলি।
তেওঁ বাট বিচাৰে আকাশৰ
কাঠৰ পখী ঘোঁৰাত উঠি
বিচাৰি ফুৰে এখন ফুল বাৰী,
য'ত ফুলে জোনাকৰ ফুল।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫

No comments:
Post a Comment