অশ্ৰু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, December 31, 2024

অশ্ৰু

 

অশ্ৰু


             আশা বৰা মন

                       নগাঁও


শুকান ওঁঠৰ ৰহণত 

অশ্ৰুৰ কি বিলাপ!

বৈ আহে বাবেই শুৱনি কৰে দুগাল


চপচপীয়া শোকৰ ঘৰত

শিতানত সাৰে ৰয় অশ্ৰু পুৰাণ

সুখৰ চকুৰ পতাত

অশ্ৰুৰ অপাৰ বিহুনাম


এখন সেউজীয়া পথাৰ

এজাক কথকী চৰাইৰ কাকলিত

বাঢ়ি আহে শূন্যতাৰ দিনলিপি


ৰাধাৰ অশ্ৰু ৰুক্মিণীৰ অশ্ৰু

কৌৰৱ অথবা পাণ্ডৱৰ অশ্ৰু

চহৰ অথবা গাঁৱৰ অশ্ৰু

ৰং একেটাই


প্ৰাপ্তিৰ পূৰ্ণতাত ডুবে আবেলিৰ কিৰিটি

পানীপিয়া চৰাইৰ ওঁঠত নাচে 

ছাইৰঙী সপোনৰ ঢৌ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages