তিনিটা কবিতা
ৰৌচন আলি
শিৱসাগৰ(এক)
পানী কেঁচুৱাবোৰ
পানী কেঁচুৱাবোৰ
পানী পতাত নবগায় হেনো
বগায় সিহঁতৰ ভৱিষ্যতবোৰ
পানী পতাৰ সিপাৰৰ পকী দেৱালত
ইয়াতো আছিল এখন পুৰণি দেৱাল
ইয়াতো আছিল ৰঘুমলা সদৃশ এখন আকাশ
আৰু এটা সূৰ্য
পানী পতাত সিহঁতৰ পশ্চাৎমুখী যাত্ৰা ।
(দুই)
ওখ-চাপৰ
ওখতকৈও ওখ কিবা এটা আছিল
চাপৰতকৈও চাপৰ কিবা এটা আছিল
ওখৰ লগত চাপৰ
চাপৰ লগত ওখৰ তুলনা কৰিবলৈ
এইমাত্ৰ আকাশখনলৈ চালোঁ
আকাশখন ওখনে
ৰংবোৰ ওখ
ৰংবোৰ ওখনে
তৰাবোৰ ওখ !
(তিনি)
বান্ধ
নদীৰ বুকুত নদীবান্ধ
আইৰ বুকুত মেঠনিৰ বান্ধ
আমিহে নাখালোঁ বান্ধ
জৰী
অথবা এনাজৰীৰে
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment