জাল
শৰৎ হাজৰিকা
গোলাঘাট
দেউতাকৰ ভৰিটো হঠাৎ আচৰিত ধৰনে ফুলি যোৱাই নহয়; ইয়াৰ সমান্তৰালকৈ বাঢ়ি অহা ভৰিৰ বিষটোৱে থাউনি নোহোৱা কৰাত পুনৰ গুৱাহাটীলৈ দেউতাকক আনিব লগা হ’ল। মধূমেহ ৰোগী দেউতাকক এমাহৰ আগত Apolo suger clinick ত চিকিৎসা কৰোৱা হৈছিল যদিও পুনৰ অসুখটো উকালে। এই অসুখৰ বিভিন্ন পৰীক্ষাৰ নামত ভালেকেইটা টকা গ’ল। এতিয়া আকৌ একেই সমস্যা। একেই পৰীক্ষাৰ তালিকা।
ৰক্তিমৰ বুজিবলৈ বাকী নাথাকিল এয়া যে চিকিৎসকসকলৰ এখন ধন সংগ্ৰহৰ বজাৰ।
কথাখিনি দেউতাকেও গম পালত পুতেক ৰক্তিমক দৰৱ কেইটা ল’বলৈহে ক’লে। কোনো পৰীক্ষা নকৰাটো সিন্ধান্ত লৈ পুতেকক ক’লে - হেৰৌ আমি ৰোগীবোৰ কেতিয়াবা এই চিকিৎসকৰ পৰীক্ষা নামৰ বেহুৰ জালখনতহে পৰো। কি কৰিম-নকৰিম বিবুধিত পৰো। বাৰু ব’ল দেখা যাব। কিবা বেছি হ’লে যোৰহাটৰ orthoৰ বিশেষজ্ঞ ভাগৱতীক দেখুৱাম। এইবোৰ ইহঁতৰ ব্যৱসায়। ব’ল ব’ল গুৱাহাটীকে ফুৰিলো বুলি ভাবিলো।
ৰক্তিমে একো নামাতি দৰৱ কেইটা লৈ ঘৰমুৱা হোৱাটোকে চিন্তা কৰিলে।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:
Post a Comment