আপোনাৰ অপেক্ষাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, December 1, 2024

আপোনাৰ অপেক্ষাত



 আপোনাৰ অপেক্ষাত


                                 বিশ্বজিৎ শইকীয়া

                      বকলীয়াঘাট, কাৰ্বি আংলং


আপুনি যিদিনা আহিব, সেইদিনা

আমি একেলগে বহি এপিয়লা চাহ খাম,

আপুনি আহোঁতে অকলে আহিব

লগত কাকোৱেই নানিব।

আপোনাৰ গৌৰৱ যশ গৰিমা

বেয়া নাপায় যদি নাঙলাৰ মুখতে থৈ আহিব,

সেইদিনা আপুনি অকলে আহিব। 


সেইদিনা হাতত ঘড়ী পিন্ধি নাহিব

সময়ৰ হিচাপ নকৰাকৈয়ে কথা পাতিম

কথাৰ প্ৰসংগ হ’ব- ‘আমি’

অন্তৰৰ সাগৰ অন্তৰলৈ বৈ যাব দিম

কাকো মাতি নানিব সেইদিনা

সন্ত্ৰাস, সংগঠন, নেতা-অভিনেতা, খেলুৱৈ 

কথাৰ মাজলৈ  কাকোৱেই সোমাব নিদিওঁ

আমাৰ কথাৰে জীপাল কৰিম এটা বেলা। 


পাৰিলে আপোনাৰ লগত

অকণমান মাটিৰ গোন্ধ লৈ আহিব।

আৰু এটা কথা পাহৰিছিলোঁৱেই.......

আপুনি যদি মুখা পিন্ধে তেন্তে,

 মুখাখন  খুলি আহিবলৈ এক্কেবাৰে নাপাহৰিব দেই 

মুখাহীন মুখ এখন চাবলৈ ৰৈ থাকিম

আপোনাৰ অপেক্ষাত।


Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages