গজল
সঞ্জীৱ সাগৰ চৌধুৰী
উকা এখিলা পাতে মৰিব নিদিয়ে মোক
একো একোটা মৃত্যুৱে মৰিব নিদিয়ে মোক
পী নথকাহ’লে জীয়াই নেথাকিলোহ’লে মই
জীৱনৰ এই গৰলে মৰিব নিদিয়ে মোক
কিমান পঢ়িলোঁ তেজ আৰু বীৰ্য্যৰ কিতাপ
চকুলোৰ টোকাবহীয়ে মৰিব নিদিয়ে মোক
নেউচি আহিছোঁ বন্ধুৰ আকুল আহ্বান বহু
শতৰুৰ প্ৰত্যাহ্বানে মৰিব নিদিয়ে মোক।
Doksiri দকচিৰি, ডিচেম্বৰ, ২০২৪


No comments:
Post a Comment