ভাষাখাদক-২
পিংকুজিৎ
ভাষা এটাই ভাষা এটা চোবাই আছে
কবিৰ মুখত মস্কৰা ‘চুইংগাম’ বুলি এনেকৈ
এই কবিতাতো
কৰিব লগা হ’ল
দাঁতৰ ব্যায়াম
গতিকে এই ব্যায়াম শিকিবলৈ
বিদ্যালয়বোৰ গ’ল ‘স্কুল’লৈ—
‘স্কুল’ত কুকুৰ মানে ‘ড’গ’
‘অফিচ’ত দেউতা মানে ‘পাপা’
ঘৰত পাকঘৰ হৈ থাকে মা
সকলোৱে পেট পূৰাই খা
ব্যায়াম শিকি আহি বিদ্যালয়ৰ লাগে ভোক
‘অফিচ’ৰ পাপা আহি পাই ‘অফিচাৰ’ হৈ থাকে নিজত
বাৰাণ্ডাত কুকৰটোৱে ‘ড’গি’ হৈ ভুকি থাকে ভোকত
সেয়ে পাকঘৰ মায়ে বাধ্য হৈছে
দিনে-ৰাতি ৰান্ধি থাকিবলৈ
ভাষাই চোবাই থোৱা ভাষাটোক
‘চুইংগাম’ চোবাই চোবাই কবিয়ে তাকেই বাঢ়ি দিছে
সকলোৰে সমুখত
আৰু কৈছে—
ভাষাই চোবোৱা ভাষাক
খাবলৈ ভাল!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫
No comments:
Post a Comment