লৃগাঙৰ কবিতা
দেবানন্দ পেগু
এতিয়া জ’নাইত লৃগাঙৰ বতৰ
সৰগৰ পৰা পৰী হৈ নামি আহিছে জ’নাইৰ কনেং সকল
ৰঙা নীলা পখিলাৰ যৌৱন উতলি উঠা মন
ফাগুনৰ বা লাগিলেই দুপাখি মেলি উৰি যাব বিৰিখৰ ডালে ডালে
বান্ধৈ লৃগাঙত আহিবা জ’নাইলৈ
লৃগাঙত কবিতাৰ মেলা পাতিম
কবিতাৰে মালা গাঁথি জ’নাইলৈ আদৰিম তোমাক
বান্ধৈ হেঁপাহ পলুৱাই কবিতা গাম
কবিতা মানে কবিতা, তোৰে মোৰে মনৰ কথা।
কবিতা হওক বা নহওক কবিতাৰ নাম দিম
কাৰণ মই যে ভাল পাঁও কবিতা।
জ’নাইত ফাগুন মানেই লৃগাং, কবিতা কবিতা লগা শিমলু, মদাৰৰ ফুল
চাৰিওফালে ঢোলৰ গুম্ গুমনি, মন ইচাটি-বিচাটি কৰে
তোৰে ঘৰ সিপাৰে মোৰে ঘৰ ইপাৰে, লগ পাম কেনেকৈ তোক
বৰনৈ শুকাব দূবৰি বন গজিব, হাড়তো গজিব বন
তেতিয়াহে লগ পাম তোক।
বান্ধৈ, তুমি লৃগাঙত আহিলে জুন, তৰা নামিব মেঘে বৰষিব
শুকান মৰুত সেউজীয়া হ’ব
উকা কঁপাল সেন্দুৰীয়া হ’ব
উৰুঙা পঁজাটিও পূৰ্ণতা পাব
বান্ধৈ নাহো বুলি নক’বা
চিৰদিনৰ বাবে মন ঘুণীয়া হ’ব।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment