চামগুৰিৰ আমিনা
অংকুৰিতা ফুকন
চামগুৰি চাম তলতবহা বজাৰৰ
আটাইতকৈ নিপোটল বেঙেনাটোৰ
বৰণৰ আমিনাৰ চোলা
চোলাটোত ধৰি ওলমি থকা
ৰূপালী মণিবোৰ দেখি
লগৰীয়াবোৰে যেতিয়া ঈৰ্ষাৰ দোৰোণপাত চোবাব
কেঞাঁ গোলাৰ এটকীয়া বগৰীগুৰিৰ পেকেট এটা ফালি
আমিনাই নিজকে বৈয়ামৰ
ব্ৰহ্মাণ্ড সুন্দৰী বুলি ঘোষণা কৰিব
এতিয়াৰে পৰা আমিনাৰ দুটা চোলা হ’ব
নতুনটো নতুন বছৰ বুলি বহা
চাম তলৰ আওবৰীয়া হাটতে কিনিব
আগৰ চোলাটো আঠুৰ ওপৰলৈকেহে পৰে
পিন্ধি গ’লে হানিফ ফুফাৰ ভঙুৱা চকুহাল
কলাফুলতে লাগি ধৰে
এতিয়াৰে পৰা চিন্তাবোৰ কমিব
ৰূপালী মণিত খোচখাই ফুফাটোৰ চকুহাল
কলাফুল দেখাৰ আগতেই ফুটিব
পিছে আমিনাৰ অলপ বেয়াও লাগিছে
হাজিৰাৰ টকাকেইটাৰে আব্বাকে
তাইৰ চোলাটোৰহে জোৰা মাৰিব পাৰিছে
ভায়েক ৰফিকে মটিয়া ৰঙৰ গেঞ্জীটো এৰিবই নোখোজে
পাৰেনো কেনেকৈ পোছাকী বুলি
আনি থোৱাটো আম্মাকে যে ঈদলৈ সাঁচিছে
চামগুৰিৰ চাম তলত বহা আওবৰীয়া বজাৰৰ আটাইতকৈ নিপোটল
বেঙেনাটোৰ বৰণৰ চোলাটোৰ সপোন
আমিনাই যেতিয়াই দেখে
ভিতৰৰপৰা আব্বাৰ বুকু হেঁচিথকা
হাড়কেইডালৰ কৰ্কৰণিৰ শব্দত
তাই দহেচিয়া টোপনি ভাগে
চোলাটোৰ সপোনে আমিনাক উজাগৰী নিশা কটোৱায়
এনেকৈ জানো সৰহ দিন থাকিব পৰা যায়
মনি ওলোমা বেঙেনাবুলীয়া চোলাটোৰ সলনি
যদি একে ৰঙী এটা গৰম চোলা
আব্বালৈ অনা হয়
ভয় পিন্ধি উজাগৰী নিশা কটোৱাতকৈ
শীতৰ উম পিন্ধি নিশা কটোৱাৰ
আৰু উত্তম উপাই নাই….
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment