নৱ প্ৰজন্ম আৰু এগছি জ্ঞানৰ বন্তি
দীপ্তি ঠাকুৰ গোস্বামী
দাদৰা, নগৰ হাভেলি
মোৰ মনৰ অনুভৱ, জীৱনৰ বিয়লি বেলা গোটেই জীৱন জুৰি অধ্যয়ন কৰা পাঠ্যপুথিৰ অভিজ্ঞতাৰ লগতে কঠিন সাধনাৰ ফলত যিসকলৰ জ্ঞানৰ বন্তিগছি উজলি উঠে, তেখেতসকলেই হ'ল বিদ্বান মহান পণ্ডিত। কিন্তু মোৰ অনুভৱৰ দুৱাৰত বেলেগ এখন চিত্রই ডোলা দি গ'ল। বৰ্তমান নৱ প্ৰজন্মৰ বহুত সন্তান, যিসকল চিকিৎসা সেৱাৰ লগত জড়িত, পশু সেৱাৰ লগত জড়িত, বিদ্যালয়ৰ শিক্ষক, কলেজৰ অধ্যাপক, সংগীত জগতৰ লগত ওতপ্রোতভাবে জড়িত, সংগীতজ্ঞ, বিমান বন্দৰত কৰ্মৰত বিষয়াসকল, সাহিত্যিক, কবি, গল্পকাৰ, ঔপন্যাসিক, অভিযন্তা, সাংবাদিক, সমাজৰ কাম কৰা সমাজসেৱকসকল-এইসকল আমাৰ সন্তান জ্ঞানৰ আলোকেৰে আলোকিত। তেওঁলোকৰ লগত বাৰ্তা বহন কৰিলে আমি অনুভৱ কৰোঁ তেওঁলোক যথেষ্ট জ্ঞানেৰে পৰিপূৰ্ণ। এটা কথা সত্য তেওঁলোকৰ জ্ঞানৰ শিখাডাল উজ্জ্বল পোহৰ হৈ সিঁচৰতি হৈ থাকে। সেই পোহৰৰপৰা আমি সকলোৱে নিজৰ জীৱনৰ বন্তিগছি উজ্জীৱিত কৰিব পাৰোঁ। এই সুন্দৰ মনৰ সন্তানসকল দেখিলে আজিৰ প্ৰজন্মৰ বিপথে পৰিচালিত হোৱা সন্তানসকলৰ মনৰ অৱস্থা বুজি আমাৰ চকুলো নিগৰে। কেতিয়াবা অনুভৱ হয় এই সন্তানসকলক আমি বাৰু সৎ পথেৰে গতি কৰিবলৈ লোৱাৰ সময়ত কিছু কষ্ট স্বীকাৰ নকৰিলোঁ নেকি? এটা সু-সন্তান গঢ় দিবলৈ বৰ কঠিন। যেনে এটা কঠিন শিলক এটা সুন্দৰ মূৰ্তিলৈ ৰূপান্তৰ কৰিবলৈ শিল্পীজনৰ যিমান কষ্ট হয় ঠিক সেইদৰে এটা সন্তান গঢ় দিবলৈ এনে লাগে তাতোকৈও যে অধিক কষ্ট স্বীকাৰ কৰিব লাগে। আমি নজনা কথাবোৰ শিক্ষিত সন্তানসকলে সহজভাৱে বিশ্লেষণ কৰি আমাক বুজাই দিয়ে। বর্তমান প্রযুক্তিবিদ্যা ইমান উন্নত মানৰ হয়তো আজি চল্লিশ বছৰৰ আগতে আমি এনে ধৰণৰ শিক্ষা গ্রহণ কৰাৰপৰা বঞ্চিত আছিলোঁ। সেয়ে বহু ক্ষেত্রত আমি বহুত কথা নাজানিলেও আজিৰ শিক্ষিত যুৱ প্ৰজন্মই আমাক হাতত হাত ধৰি আগবঢ়াই লৈ যাবলৈ চেষ্টাৰ ত্রুটি নকৰে। এটা উদাহৰণ- হঠাৎ লগ পালোঁ বিমান বন্দৰত কৰ্মৰত এগৰাকী শিক্ষিতা মৰমলগা যুৱতীক। তেখেতে বিমানখনৰ বিষয়ে আৰু বিমান বন্দৰৰ ওপৰত ইমান এটা জানিবলগীয়া সুন্দৰ বিশ্লেষণ আগবঢ়ালে। সঁচাকৈয়ে বহুত নজনা কথা জানি মনটো আনন্দৰে ভৰি পৰিল। আকৌ এদিন এগৰাকী পশু চিকিৎসকক লগ পাইছিলোঁ। তেখেতে আমাৰ পোহনীয়া জন্তুবোৰক কেনেদৰে প্ৰতিপালন কৰিব লাগে, এইবোৰক নিৰোগী কৰি ৰখাৰ সন্দৰ্ভত বহু নজনা কথা শিকাই দিলে। এই জ্ঞানবোৰে মানুহৰ দৈনন্দিন জীৱনত যথেষ্ট সহায় কৰে। নৱ প্ৰজন্মৰ এই সন্তানসকলৰ লগত কিবা নজনা বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিলে বৰ ফলপ্ৰসূ ৰিজাল্ট লাভ কৰিব পাৰি। আন্ধাৰ বিনাশ কৰি পুৱাৰ কিৰণে যেতিয়া ধৰাখন উজলাই তোলে আমি কিমান আনন্দিত হওঁ। সেইদৰে আমাৰ সন্তানসকলে জ্ঞানৰ পোহৰ সিঁচি দি এখন সুন্দৰ সমাজ গঢ় দিলে হিয়াৰ ৰন্ধ্রে ৰন্ধে আনন্দৰ নিজৰা বৈ যায়। জ্ঞানৰ আলোকৰ ৰেখাডাল সোণালী দিশে গতি কৰাৰ কি মিঠা আচ্ছাদন। আমি আশাকৰোঁ, তেওঁলোক জ্ঞানৰ আলোকেৰে আলোকিত হৈ এগছি জ্ঞানৰ বন্তি হৈ উজলি থাকক।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment