আহা আমি অনুতাপ কৰো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, January 1, 2025

আহা আমি অনুতাপ কৰো

 


আহা আমি অনুতাপ কৰো


                                       নীলিম কুমাৰ


আহা, আজি আমি অনুতাপ কৰো- 

কিয় আমি নকৰো যুদ্ধ?

দিনৰ পিছত দিন 

বছৰৰ পিছত বছৰ পাৰ হৈ গৈছে 

আমি হাৰি আছো 

আমি হাৰি আছো 

যুদ্ধ নকৰাকৈয়ে।

আঁহা, আজি আমি অনুতাপ কৰো 

কিয় আমি কৰিব নোৱাৰো যুদ্ধ ?


নতুন বছৰৰ ডায়েৰীৰ পাতবোৰত

কেবল লিখি যোৱা হাৰি যোৱাৰ বাৰ্ত্তা 

কেবল হিচাপ কৰা ধৰ্ষণ 

কেবল হিচাপ কৰা হত্যা 

কেবল হিচাপ কৰা ৰোগী, আৰু 

অপৰাধৰ সংখ্যা। হিচাপ কৰা দুর্ঘটনা, 

হিচাপ কৰা বনৰীয়া হাতীৰ গচক, 

হিচাপ কৰা বানপানী, মূল্যবৃদ্ধি 

হিচাপ কৰা আত্মহত্যা। হিচাপ কৰা-

চুৰি ডকাইটি, ড্ৰাগছ সৰবৰাহ 

হিচাপ কৰা ধৰ্ম, হিচাপ কৰা ভগবান 

নতুন বছৰৰ ডায়েৰীৰ পাতবোৰত 

লিখি যোৱা হাৰি যোৱাৰ বাৰ্ত্তা...


নতুন বছৰৰ ডায়েৰীৰ প্ৰথম পৃষ্ঠাতে 

লিখি থোৱা ঋণৰ বোজা, 

তোমাৰ মূৰটো কিমান ইঞ্চি হাউলি পৰিছে 

সেই ঋণৰ ভৰত, তাৰ জোখ লিখি থোৱা


আহা, আমি অনুতাপ কৰো কিয় 

আমি নকৰো যুদ্ধ ঋণৰ বিৰুদ্ধে 

কিয় আমি বোধ নকৰো- 

অন্যায়ৰ সেনাবাহিনীক ?


কিয় আমি হাৰি থাকিলো 

কিয় আমি পৰাস্ত হ’লো 

যুদ্ধ নকৰাকৈ ?


আমি কি কোনোদিনেই ভৰিত বল নাপাম 

থিয় হৈ উঠিবলৈ ?

আমি কি কোনোদিনেই বাহুত শক্তি নাপাম 

ঘোচা মাৰিবলৈ অন্যায়ৰ মুখত ?

আমাৰ কি কোনোদিনেই সুবুদ্ধি নহ’ব যে- 

আমি যুদ্ধ কৰিব লাগে, যুদ্ধ কৰিব লাগে...


যুদ্ধ নকৰাকৈয়ে আমি হাৰি আছো প্রতিদিনে 

আহা, আজি আমি অনুতাপ কৰো- 

কিয় আমি কৰিব নোৱাৰো যুদ্ধ 

কিয় কিয় কিয় ?


Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages