কথাটো ক’বলৈ লাজলগা
ভুমিকা লহকৰ
গুৱাহাটী
মিছলীয়া ৰজাৰ
পালিনেতা সকলো দোৰ্ঘোৰ মিছলীয়া
পগলা কুকুৰৰ দৰে ভুকে
বেকাবেকিকৈ হাঁহি থকা চেলা চামুণ্ডাৰ সতে
বেলেগ একো বিষয় নাই
ধৰ্ম কৰা
নাঙঠ হোৱা
খান্দা খান্দা
সকলোৱে শীলৰ বুকু খাণ্ডা
ফুৱাই ফুৱাই উশাহ ভৰাই দিয়া
দুটা শব্দৰে ঘৃণাৰ বীজ চটিওৱা
সাতামপুৰুষীয়া সম্প্ৰীতিৰ ৰছীডাল চিঙি দিয়া
দুখীয়াৰ মুখত খাদ্য বুলি বিষ দিয়া
মাটিখোৱা ঈশ্বৰ হোৱা
ফুটপাথত মানুহ থকা এইখন দেশত
নিজে আৰামত প্ৰাসাদত থাকা
সকলো মৰক
মহাৰাজৰ ভৰালটো বহল হওক
তেওঁ আমাৰ ৰজা
কথাটো ক’বলৈ লাজলগা
বৰ লাজলগা…
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment