মৗঃনাম অই আহিবা লৃগাঙৰ বতৰতে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

মৗঃনাম অই আহিবা লৃগাঙৰ বতৰতে

 


মৗঃনাম অই আহিবা লৃগাঙৰ বতৰতে


বলিন বৰদলৈ 

আলামি, গোলাঘাট 


মৗঃনাম অই এইবেলি আহিবা

আলি আঃয়ে লৃগাঙৰ বতৰতে 

তোমাৰ কাষলে গৈ

যাচিম এবুকুৱা আকলুৱা মৰম ।

চাঙঘৰত উঠিম গৈ সংগোপনে

যাচিবা এপিয়লা পঃৰ আপং

পোৰা মাছ আৰু গাহৰি মঙহৰ স’তে 

ৰাগি লগাই জুতিৰে 

পি খাম দুয়ো একেলগে ।

অ’... এটা কথা 

আমাৰ গাঁৱৰ ৰাইজে 

চাঙঘৰত উঠা দেখিলে 

এঘৰীয়া কৰিব পাঁচ বছৰৰ বাবে 

দহ হাজাৰ এশ এটকা জৰিমনাৰে 

প্ৰায়শ্চিত্ত কৰিব -

তোমাৰ মন মোৰ মন এক হ’লে

কি কৰিব অসমীয়া কলিতাৰ জাতিকূলে ।

পলুৱাই লৈ গুচি যাম বহু দূৰলৈ...

দুয়ো মিলি সাজিম সোণৰ সংসাৰ 

দুয়ো দুয়োকে বান্ধিম জনম জনমলৈ ।

মৗঃনাম অই সঁচাকৈ আহিবানে

লৃগাঙ চোৱা চলেৰে 

দুয়ো পলাই গুচি যাম বহু দূৰণীলৈ ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages