ধূলি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

ধূলি

 

ধূলি


            মনালিছা শইকীয়া

                    বোকাখাত


ধূলি আৰু ছাইৰ 

আঁচলত উলমি আহে

দুষ্ট ফাগুণৰ নষ্ট গদ্য


তথাপিও

ধূলি উৰুৱাই উৰুৱাই

ঢপলিয়াই সকলো পথাৰলৈবুলি


ধূলিত উপঙি ফুৰে

পথৰুৱাৰ পেঁপা বাঁহীৰ মাত 

সুহুৰি অথবা চেনেহৰ উকি দুটামান


ধূলিত বুৰ গৈ থাকে

এজাক চহা খেতিয়কৰ সপোন

বুৰগৈ থাকে বাটৰ কাষৰ গছ-বনবোৰ


পথৰুৱা বাট গোবাট

হেঙুল আবেলি বেলি ঢাকি 

উভতে গৰু ম'হবোৰ জাক জাক 


লাহে লাহে 

নিজাৰ পৰে ধূলি


নষ্ট গদ্যৰ শেষৰ দফাত

এপৃষ্ঠা ধূলি ধূলি গোন্ধেৰে

আমোলমোল বৰষুণৰ আৱাহনী…


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages