তুমি উজাগৰী ৰাতিৰ দৰে বাঢ়িছা
ববী দত্ত
আত্মাহীন কবিতাৰ দৰে বাঢ়িছে মোৰ
মেদহীন উজাগৰী ৰাতি
ৰ’দৰ ঢকাত শ্ৰমিকৰ চাইৰঙী
পিঠি বঢ়াৰ দৰে ।
বতাহত বাঢ়ে সুমথিৰা সুগন্ধি
জলফাইৰঙী আবেলিটো বোৱঁতী নৈৰ পাৰত বহি
সন্তৰ্পনে আঁকে এনাওঁ স্নেহৰ চুমা চেকা, বৰ চেকা
কাৰ বাবে জোনাক যামিনী মধুৰ অপেক্ষা ?
জোনাকৰ জখলাইদি
পূৰ্ণিমা নামে
ৰাতিৰ নীৰৱতাত বাঢ়ে কবিতাৰ ছন্দ
মৌজোন খহে
কোনে মখমলী শাৰী পিন্ধি ওৰণি টানে
উজাগৰী ৰাতিত কোনে টোপনি কাঢ়ে ?
‘বাৰীৰ কাষেদি কোন কোন যায়
ৰুণুক জুনুক নূপুৰ বজায়’
পুৰণি কোঁৱৰৰ ম্যাদ উকলিল
নতুন কোঁৱৰৰ আগমন ঘটিল!
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment