কেনেকৈ বিদায় জনাও তোমাক
হে মোৰ কঠোৰতম সময়!
ৰিন্টুমণি বৰদলৈ
ৰহা, নগাঁও
কেনেকৈ বিদায় জনাও তোমাক প্ৰতিবাৰেই আহি তুমি মোক আঘাত কৰা ছিৰাছিৰ কৰা মোৰ মাটিৰ শৰীৰৰ বিগ্ৰহ
থিয় হৈ থকা প্ৰাচীন শাল গছবোৰে কথা ক’ব তুমি শুনিবা তাহানিৰ দিনৰ
আমচাই পাহাৰৰ ভীমৰাজ চৰাইটোৱে কথা ক’ব তুমি শুনিবা চিনানী নৈ খনৰ
মোৰ মৌনতাৰ প্ৰাচীৰ ভাঙি তুমি মোক আঘাত কৰা আহি প্ৰতিবাৰেই
জগণ্য দিনবোৰৰ ইতিহাস পৃথিৱীৰ চৌপাশে থাকে বিয়পি
কোনেও কাকো ৰৈ নাথাকে
কোনেও কাৰোৰে নলয় খবৰ
কেৱল অবিশ্বাস,
কেৱল বিশ্বাসঘাটকতা, কেৱল খোৱা কামুৰা, যুদ্ধ হিংসা, মৃত্যুৰ ইতিহাস আৰু কিৰিলি
কেনেকৈ বুকুৰ খোৰোঙত পৰি পানী খাই পাহাৰৰ মইনা চৰাইটোৱে
কেনেকৈ সুগন্ধি বিয়পি যায় প্ৰাচীন ধূণা গছ জোপাৰ চৌপাশে
কেনেকৈ কথা কয় মাটিত পোত যোৱা শিলবোৰে তুমি শুনা
হে কঠোৰতম সময়
মোক তুমি প্ৰাচীনতম কৰি তুলিছা
মোৰ বুকুৰ ইতিহাস
মোৰ শিলৰ জীৱনী
মোৰ হৃদয়ৰ পৰা হৃদয়ৰ লৈ মুখৰ পৰা মুখলৈ বিয়পি থকা
জুই আৰু চকুপানীৰ ইতিহাস
ক’ত থওঁ মই
বিচাৰি আছোঁ
সেই প্ৰাচীন লাওখোলা পাত্ৰটো মাটিত।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment