ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ পাঠ্যক্রমবোৰৰ বিষয়ে
ড° বুলজিৎ বুঢ়াগোহাঁই
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে আগবঢ়োৱা বিভিন্ন পাঠ্যক্রমবোৰৰ বিষয়ে তলত উল্লেখ কৰা হৈছে ।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (Indian Institute of Technology Guwahati)ত বি.টেক.(B.Tech.) আৰু বি. ডিজাইন (B. Des.) পাঠ্যক্রম অধ্যয়ন কৰিব পৰা বিভিন্ন শাখাবোৰ হ’ল –
(i) বায়’ছায়েন্স এণ্ড বায়’ ইঞ্জিনিয়াৰিং (Biosciences and Bioengineering)
(ii) কেমিকেল ইঞ্জিনিয়াৰিং (Chemical Engineering)
(iii) কেমিকেল ছায়েন্স এণ্ড টেকন’লজী (Chemical Science and Technology)
(iv) চিভিল ইঞ্জিনিয়াৰিং (Civil Engineering)
(v) কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Computer Science and Engineering)
(vi) ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং (Electronics and Communication Engineering)
(vii) ইলেকট্ৰনিকছ এণ্ড ইলেক্ট্রনিকেল ইঞ্জিনিয়াৰিং (Electronics and Electrical Engineering)
(viii) মেথেমেটিক্স এণ্ড কমপিউটিং (Mathematics and Computing)
(ix) মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering)
(x) ইঞ্জিনিয়াৰিং ফিজিক্স (Engineering Physics)
(xi) ডাটা ছায়েন্স এণ্ড আৰটিফিচিয়েল ইনটেলিজেনচ (Data Science and Artificial Intelligence)
(xii) এনাৰ্জী ইঞ্জিনিয়াৰিং (Energy Engineering)
(xiii) ডিজাইন (Design)
আই.আই.টি. গুৱাহাটী বি.টেক. পাঠ্যক্রমত নামভৰ্তি JEE (Advanced) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয় আৰু বি.ডিজাইন (B. Design) পাঠ্যক্রমত নামভৰ্তি Undergraduate Common Entrance Examination for Design (UCEED) পৰীক্ষাৰ ওপৰত ভিত্তি কৰি হয় ।
বিজ্ঞানৰ স্নাতকোত্তৰ (গৱেষণাৰ দ্বাৰা) [Master of Science (by Research)] পাঠ্যক্রম অধ্যয়ন কৰিব পৰা বিভিন্ন শাখাবোৰ হ’ল –
(i) এনাৰ্জী ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Energy Science and Engineering)
(ii) ডিজেষ্টৰ মেনেজমেণ্ট এণ্ড ৰিস্ক ৰিডাকচন (Disaster Management and Risk Reduction)
(iii) ই- ম’বিলিটি (E-Mobility)
(iv) পলিমাৰ ছায়েন্স এণ্ড টেকন’লজি (Polymer Science and Technology)
প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ (Master of Technology) পাঠ্যক্রম অধ্যয়ন কৰিব পৰা বিভিন্ন শাখাবোৰ হ’ল –
(i) কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Computer Science and Engineering)
(ii) ইলেকট্ৰনিকছ এণ্ড ইলেক্ট্রনিকেল ইঞ্জিনিয়াৰিং (Electronics and Electrical Engineering)
(iii) মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering)
(iv) চিভিল ইঞ্জিনিয়াৰিং (Civil Engineering)
(v) বায়’টেকন’লজি (Biotechnology)
(vi) বায়’ ইঞ্জিনিয়াৰিং (Bioengineering)
(vii) কেমিকেল ইঞ্জিনিয়াৰিং (Chemical Engineering)
(viii) ৰুৰেল টেকন’লজি (Rural Technology)
(ix) ডাটা ছায়েন্স (Data Science)
(x) ফুড ছায়েন্স এণ্ড টেকন’লজি (Food Science and Technology)
(xi) ৰবটিক্স এণ্ড আৰ্টিফিচিয়েল ইনটেলিজেন্সি(Robotics and Artificial Intelligence)
(xii) বায়’মেডিকেল ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Biomedical Science and Engineering)
ডিজাইনৰ স্নাতকোত্তৰ (Master of Design) পাঠ্যক্রম অধ্যয়ন কৰিব পৰা বিভিন্ন শাখাবোৰ হ’ল –
(i) ডিজাইন (Design)
(ii) ইলেকট্ৰ’নিক প্ৰ’ডাক্ট ডিজাইন (Electronic Product Design)
বিজ্ঞান শাখাত স্নাতকোত্তৰ (Master of Science) পাঠ্যক্রম অধ্যয়ন কৰিব পৰা বিভিন্ন শাখাবোৰ হ’ল –
(i) পদাৰ্থ বিজ্ঞান (Physics)
(ii) ৰসায়ন বিজ্ঞান (Chemistry)
(iii) মেথেমেটিক্স এণ্ড কমপিউটিং (Mathematics and Computing)
(iv) গণিত-শাস্ত্ৰ (Mathematics)
Master of Arts পাঠ্যক্রম অধ্যয়ন কৰিব পৰা বিভিন্ন শাখাবোৰ হ’ল –
(i) ডেভেলপমেণ্ট ষ্টাডিজ (Development Studies)
(ii) লিবাৰেল আৰ্টছ (Liberal Arts)
আই আই টি গুৱাহাটীত স্কুল অৱ বিজনেছে ২ বছৰীয়া স্নাতকোত্তৰ বিজনেছ এডমিনিষ্ট্ৰেচন (এম বি এ) পাঠ্যক্রম আগবঢ়ায়।
পিএইচডি যাক Doctor of Philosophy (ডক্টৰ অৱ ফিল’চফি) বুলিও কোৱা হয় সেইটো হৈছে এক গৱেষণা পাঠ্যক্রম যাক সাধাৰণতে শিক্ষাৰ্থীসকলে স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত অধ্যয়ন কৰে । আই আই টি গুৱাহাটীত তলত উল্লেখ কৰা বিভাগ/বিদ্যাপীঠ/কেন্দ্ৰৰ জৰিয়তে বিভিন্ন শাখাত ডক্টৰ অৱ ফিল’চফি (পি এইচ ডি) পাঠ্যক্রমত আগবঢ়ায়।
বিভাগসমূহ হ’ল — কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং (Computer Science and Engineering), ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং (Electronics and Electrical Engineering), মেকানিকেল ইঞ্জিনিয়াৰিং (Mechanical Engineering), চিভিল ইঞ্জিনিয়াৰিং(Civil Engineering), ডিজাইন (Design), বায়’চায়েন্স এণ্ড বায়’ইঞ্জিনিয়াৰিং (Biosciences and Bioengineering), কেমিকেল ইঞ্জিনিয়াৰিং (Chemical Engineering), পদাৰ্থ বিজ্ঞান (Physics), ৰসায়ন বিজ্ঞান (Chemistry), গণিত-শাস্ত্ৰ (Mathematics), মানৱীয় আৰু সমাজ বিজ্ঞান (Humanities and Social Sciences)।
বিদ্যাপীঠসমূহ হ’ল — কৃষি আৰু গ্ৰাম্য প্ৰযুক্তি (Agro and RuralTechnology), ব্যৱসায় (Business), শক্তি বিজ্ঞান আৰু অভিযান্ত্ৰিক (Energy Sciences and Engineering), স্বাস্থ্য বিজ্ঞান আৰু প্ৰযুক্তি (Health Sciences and Technology), ডাটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইনটেলিজেন্সি (Data Science and Artificial Intelligence)।
কেন্দ্ৰসমূহ হ’ল — দুৰ্যোগ ব্যৱস্থাপনা আৰু গৱেষণা(Disaster Management and Research), পৰিৱেশ (Environment), ভাৰতীয় জ্ঞান ব্যৱস্থা (Indian Knowledge Systems), ভাষিক বিজ্ঞান আৰু প্ৰযুক্তি (Linguistic Science and Technology), নেন’টেকন’লজি (Nanotechnology), বহনক্ষম পলিমাৰ (Sustainable Polymers), বুদ্ধিমান চাইবাৰ ভৌতিক ব্যৱস্থা (Intelligent Cyber Physical Systems),বহনক্ষম পানীৰ গৱেষণা (Sustainable Water Research), ড্ৰোন প্ৰযুক্তি (Drone Technology) ।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে আগবঢ়োৱা বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নাম ভৰ্তি প্রক্রিয়া পাঠ্যক্রম অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষাৰ্থীসকলে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ৱেবছাইট (https://iitg.ac.in)ত চাব পাৰে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বিঃ দ্রঃ কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:
Post a Comment