ধুনচোনাৰ মাগোদ্দম্হি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

ধুনচোনাৰ মাগোদ্দম্হি



 ধুনচোনাৰ মাগোদ্দম্হি


                                       জুনুকা পাঠক

                                            বৰপেটা


থৰথৰ  শীত হ’ল

তাতেঁই কি হ’ল

আইতাৰ গা সাতখন আঠখন হ’ল

মাগোদ্দম্হি আহিল উগুল থুগুল আইতাৰ 

কঁকাল  চেৰেকিৰে ঘুৰিল


খোৱাৰ কাৰণে ডোগৰ ভোগালী

শুনাচোন বোপাই বুঢ়ী আই ক’লো কথা খাটাং 

মাগোদ্দম্হি  অসমীয়াৰ চহকী ভঁৰাল

নকৰিবা আওকাণ


কাইলৈ এলাহ নচলিব বোপাই

শোৱাপাটি; সোনকালেই এৰি বাহি গা ধুবা


ধুনচোনা; ঐ পোনাই

বিহুৰ দিনা

লাৰু পিঠা সান্দহ দৈ চিৰা 

জুতি লৈ আনকো দিবা


ককাৰ লগত যাবা মেজিৰ উম লবা জেষ্ঠজনক সেৱা কৰি

ভেলাঘৰ চাবা 

মাহকৰাই খাবা


বোপাই ধুনচোনা,

উৰুকা বুলি চুৰ কৰিলে বিহু নকয়

পৰম্পৰাৰ নামত বিধবা পেহীৰ হাঁহ নাদাঙিবা

  

ডাঙৰ হ’লে ধুনচোনা ৰাখিবা জাতিৰ মান

মাগোদ্দম্হি থলুৱা কৃষ্টিৰ মৰ্য্যদা

মাঘ বিহু আমাৰ ভোগালী ভোগজৰা


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages