অইনিঃতমৰ দেশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

অইনিঃতমৰ দেশ

 


অইনিঃতমৰ দেশ


 প্ৰবীণ কুমাৰ মিলি


খণ্ড - ৪


    মাৰকালি আৰু কাম্পতিয়ে ওচৰলৈ গৈ পাই দেখে যে- ইতিমধ্যে মুৰংঘৰত মানুহ ঠাহ খাই পৰিছে। পাটগাভৰু জাকে পখিলামতী হৈ গুমৰাগ নাচি নাচি বাউলি হৈ আছে। মাৰকালিহঁতে পলমেই কৰিলে নেকি? কাম্পতিয়ে কৈয়েই পেলালে- হেৰি, আমি দেৰি কৰিলোঁ নেকি? ইমানবোৰ মানুহ গোট খালে, আমি আকৌ এতিয়াহে আহিছোঁ হ’ক, বৰ আচহুৱা কথা হ’ল! - হ’বচোন দিয়া, এতিয়া সময় পৰিছেহে। বেচেৰা, মনৰ আৱেগ আৰু আনন্দতে ৰাইজে আগতীয়া কৰিছে। ভালেই হৈছে। আমিও সোণকালে লৃগগদ কৰ্ম পালন কৰিব পাৰিম। ইফালে, মেঃতেৰৰ পৰিয়ালেও ২ বজাত নাহিব জানো? যিমান পাৰি দুঘণ্টাত আজৰি হ’ব পাৰিলে আমাৰে মুক্তি। মাৰকালিয়ে দীঘলকৈ কথাটো কৈ সামৰিব পালেহে এজাক ডেকা ল’ৰাই দৌৰি আহি সিহঁত দুয়োকে বৰ আথে-বেথে আদৰিলে। দাম্বুকে মুৰংঘৰৰ ফালে চাই চিঞৰিয়েই দিলে- অই ল’ৰাহঁত, গোটেইমখাই ইয়াতলৈ আহ ঐ আহ, এতিয়া য়ামৰৃগ কাৰ্যসূচী আছে। - হেই, হেই দাম্বুক কি কৰ? তেনেকৈ কৰিব পায় জানো! মাৰকালিক বেছি ক’ব নিদি লেছাহতীয়া গেপৰে গলগলীয়া কণ্ঠৰে কৈ উঠিল- ‘হয়, দস্তুৰমত পায়। যিহেতু, আজি আমাৰ লৃগাঙে ন-ৰূপত গেঁৰ ধৰিছে। আজি আমাৰ  বুকুত ফাগুনৰ শিমলু ফুলে ন-ৰং ছটিয়াইছে।’ মাৰকালিৰ মৃদু আপত্তি ধোৱা তুলসীৰ পাত হ’ল।

       ৰাইজে পৰম ৰং-ৰহইচেৰে মাৰকালিহঁঁতক ঢোলে- দগৰে আদৰি আনি মুৰংঘৰত বহোঁৱালে। মুৰংঘৰত বহিয়েই, মাৰকালিয়ে কৰণীয় কামবোৰ ঠিক-ঠাক কৰাত লাগিল। দিনচান, ঙচান, পিঃৰ, তৰাপাত, আমলি, তাকে-ঙিনলি আদি সকলোটিকে নিয়াৰিকৈ তৈয়াৰ কৰি ডেকামখাক ক’লে- ব’লা, ব’লা, লৃগগদ কৰিব পৰা হ’ ল। মাৰকালিয়ে সকলোকে আহ্বান জনালে। গুমৰাগ দলটি বৃত্তাকাৰে ঘূৰি মুৰংঘৰৰ চোতালত কিছু সময় চঃমান কৰি লৃগগদৰ কাৰণে চহ কৰি থোৱা নিৰ্দিষ্ট মাটি ডোখৰলৈ আগবাঢ়িল। 

       নিৰ্দিষ্ট এই মাটি ডোখৰত সকলো ৰকমৰ কৰিব লগীয়া কামবোৰ কৰি, যেনে- পিঃৰ চাৰিডাল চাৰি চুকত গুজি, পিঃৰ গছৰ পাতে-কোঁহে নুধুনা কপাহ দি, ধানৰ কঠীয়া সিঁচা সম্পন্ন কৰি, চাৰিওফালে কেঁচা সূতাৰে মেৰিয়াই লৈ মাৰকালিয়ে মন্ত্ৰপুত মাতে- দঃঞে তাতলাংকা, পঃল তাতলাংকা, চিদি-কেদেঃ তাতলাংকা... তাৰপিছতেই তাকু কুঃবাদ কৰে। ইয়াৰ লগে লগে  ডেকা-ডেকেৰীবিলাকে এই নিৰ্দিষ্ট এলেকাত পাঁচ পাক ঘূৰি গুমৰাগ চঃমান কৰে। সি আৰু কাম্পতিও এপলক নাচি-বাগি স্ফূৰ্তি কৰে। কিন্তু, কালিৰাতি ঢোলৰ চাপৰ মাৰোতে হাতৰ তলুৱা উখহি থকাৰ কাৰণে বৰ বেছি মাৰকালিয়ে নবজালে। যিহেতু, আজি ঢুলীয়াৰ একো কমি নাই। গতিকে, অতি সুন্দৰকৈ আজিৰ কাৰ্যসূচী ৰূপায়িত হয়।

      এতিয়া, সকলোটিয়ে মুৰংঘৰত আহি ৰং-তামাচাৰে খোৱা-বোৱা কৰি থাকোঁতে মাৰকালিৰ ফোন ক’ল এটা আহিল। সি ফোনত কথা পাতি কাম্পতিলৈ চাই ক’লে- শুনিছানে, মেঃতেৰহঁত আহি পাবৰ হৈছে হেনো। আমি দেৰি নকৰো নেকি আৰু? লগে লগে কাম্পতিয়ে ৰাইজক উদেশ্যি হাতযোৰ কৰি ক'লে- ৰেঙাম,  আমি অলপ আগতীয়াকৈ যাব লগীয়া হ’ল, কোনো যেন বেয়া নেপায়! মেঃতেৰহঁত আহি আছে। অলপতে আহি পাব। -ৰাইজে অলপ পৰ নিশ্চুপ হৈ গ’ল যদিও, অতি আন্তৰিকতাৰে সিঁহত দুয়োকে যাবলৈ ক’লে। দুয়ো অনুমতি পাই ঘৰমুৱা হ’ল। ঠিক কিছুদূৰ খোজকাঢ়ি গৈ থাকোঁতে মাৰকালিৰ অৱচেতন মনত গাওঁখনৰ পূৰ্বৰ কেইটামান ডুখৰীয়া ছবি ভাঁহি উঠিল। এই যে লংগী চুংক্ৰাং মানুহজন কম সিয়ান আৰু কৰ্মী নাছিল। সিফালে, বৰ একা-চেকা চৰিত্ৰ। যিটোকে-সিটোকে পচন্দ নকৰে। তেঁৱেই আমাৰ শুকান মৰুভূমিৰ নিচিনা গাওঁখনত একপ্ৰকাৰ সেউজ বিপ্লৱ আৰম্ভ কৰিছিল। অৱশ্যে, বানবিধস্তৰ পিছৰ কেইবা বছৰো অন্তত ঝাঁওবন গছৰ মাজে মাজে এই ধূলিময় গাঁৱৰ মাটিত কহুৱা, নল, খাগৰি, বিৰিণা, খেৰ, বাঘবন, তৰাপাত,বগৰী আদি বিভিন্ন ধৰণৰ জোপোহা  গছৰ লগতে মানিমুনি, ভেটবন, দুবৰি, মাটি কাদুৰী, গোন্ধোৱা বন, ঢেকীয়া, বিহলঙনী, ভেবেলী লতা, লাই জাবৰি  আদিও গজিব ল'লে। লাহে লাহে চৌদিশ হাবিতলীয়া হৈ পৰিল। এই সুবাদতে শিয়াল, বোন্দা, জহামাল, কেঁটেলাপহু, শহাপহু, সাপ, নেউল, লতামাকৰি, কেৰ্কেটুৱা, নিগনি, গুঁইসাপ, ডাউক, তেজপিয়া, বতা চৰাই, বালিমাহী, কণামুচৰি বিলাকৰ বিচৰণ ভূমি হৈ উঠিল। মৌ-বৰলৰ বাহ সঘনে পোৱা হ’ল। লংগী চুংক্ৰাঙে এদিন দেখিলে, লাহে লাহে মাটিবোৰ উৰ্বৰ আৰু আলতীয়া হৈ উঠিছে। এতিয়া আৰু ৰৈ থাকিলে নহ’ব! পৰিকল্পনাবোৰ বাস্তৱিত কৰিব লাগিব। গতিকে, তেওঁৱেই এনে এজন মানুহ, যি জনে  পোনপ্ৰথমে আমাৰ বালিচঁহীয়া গাঁৱৰ মাটিত কল, শিমলু, বাঁহ, তামোল ইত্যাদি গছ ৰুবলৈ আৰম্ভ কৰিছিল। অবৰ্ণনীয় বানৰ প্ৰকোপত দুৰ্ভিক্ষই গৰকা  গাওঁখনত কেৱল সাতঘৰমান মানুহেই শিপা খামুচি আছিল। কিন্ত, বালিময় হ’লেও মাটি আছিল পৰ্যাপ্ত, যি দুশ-তিনিশ ঘৰ থাকিব পৰা আছিল। উল্লেখনীয় যে,  ইয়াত ক্ৰমশঃ লংগীয়ে ৰুৱা গছ-গছনিয়ে আপোনা-আপুনি গজি উঠা বননিৰ তালে তালে সেউজীৰূপ পাব ধৰে।

      ‘মই কাম্পতিক পলুৱাই আনি চাপৰিৰ খুঁটিত আছিলো। মোলৈ নিদিওঁ বুলি প্ৰচণ্ডভাৱে ভূকুৱাই-চৰিয়াই টানি আজুৰি দুই-তিনিবাৰকৈ ঘৰলৈ ঘূৰাই নিয়োওঁ সুফল নেপাই কাম্পতিক ত্যাজপুত্ৰী কৰিলে। নিদিব লগীয়া এশ এটা অভিশাপ দিলে। মোকো বহুত দাবী-ধমকি দি চাপৰিৰ খুঁটি এৰি যাবলৈ সময় সীমা বান্ধি দিলে। মোৰ ঈশ্বৰ-পিতৃ কজেৰ পেগুৱে উপায় নেপাই উত্তপ্ত পৰিস্থিতি সাম নকটালৈকে তেখেতৰ গাঁৱৰ ঘৰত অকুণ্ঠে থাকিবলৈ আমাক পঠাই দিলে। এনেকৈয়ে, পৰিস্থিতি সাম নকটালৈ ছমাহ-বছেৰেক থাকি আমি নিজা গাঁৱলৈ বুলি মৰসাহ কৰি একেবাৰে গুচি আহিলো। কাম্পতিৰ কথা হ’ল- এনেকৈ জীৱন পাত কৰিব নোৱাৰি। চকুৰ আগত থকা কৌটি সমস্যাক হিয়া ধিয়াই থকাটো সমীচীন নহ'ব। যুদ্ধক্ষেত্ৰত নামিব লাগিব।- মাৰকালিও কাম্পতিৰ কথাত  হয়ভৰ দি গাঁওখনৰ একেবাৰে সিটোমূৰত থকা লংগী চুংক্ৰাঙক যোগাযোগ কৰি স্থায়ীভাৱে থকাকৈ, এটি জুপুৰি ঘৰ বনাই সাময়িকভাৱে নিগাজি হৈ ল’লে। তাৰপিছত, তাৰপিছত জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ কঠিন সংগ্ৰাম, যি সংগ্ৰামৰ কথা ভাৱিলে এতিয়াও মন অস্থিৰ হৈ উঠে!’

      মাৰকালিয়ে তেনেকুৱা ধৰণৰ শনাহী পৃথিৱীৰ মেঘৰ বতাহত উটি-ভাঁহি থাকোঁতে নিজাৰ পৰা পথাৰৰ গো-বাটত মৰণা মৰাৰ দৰে জুঁটিপুতি  থকা এসোপামান নৰাণিত সোঁভৰিৰ মাজু আঙুলিটো পাক্ খাই পৰিব খুজিছিলেই কিন্তু পৰোঁ-নপৰোঁকৈ দৌৰি যোৱাৰ দৰে কৰি পিছফালেদি কাম্পতিৰ গাত দুই হাতেৰে ঠেলি ধৰাতহে কথমপি মাটিত নপৰাকৈ বাচি থাকিল। কাম্পতিয়ে ‘অউৱে’ বুলি চিঞৰি ভয়াৰ্ত দৃষ্টিৰে ঘূৰি চাই ক’লে- কি হ’ল, কি হ’ল?- এহ্ অকস্মাৎ এই জুঁটিপুতি থকা নৰাণিত উজুটি খালোঁ। ভয় কৰিব নালাগে, ঠিকেই আছো!-মাৰকালিয়ে সহজে কোৱা কথাটোক বিশ্বাস নকৰি ঠাইতে থিয় দি থকা আপোন মানুহজনৰ গাৰ নিচে কাষতে আঁঠুকাঢ়ি লৈ ভৰিৰ মাজু আঙুলিৰ ফাঁকলৈ কাম্পতিয়ে চকু দিলে। চকু দিয়ে তাই উচপিচাই উঠিল। কাৰণ, আঙুলি ফাঁকেৰে হুৰহুৰকৈ তেজ নিগৰিছে। তাই একে জোৰে থিয় হৈ ওচৰতে থকা বনৰীয়া কচু এডাল উঘালি আনি তাৰ ছাল হাতেৰে বখলিয়াই ফালি, গোন্ধোৱা বনৰ পাতৰ  ৰস চেপি উলিয়াই ঘাইল হোৱা ভৰিৰ আঙুলিৰ ফাঁকত বান্ধি দিলে। 

      কিছু দেৰি এনেকৈ আল-পৈচান ধৰাৰ পিছত তেজ বন্ধ হ’ল। তেজ বন্ধৰ পিছতেই দুয়ো ঘৰ অভিমুখে ৰাওনা হ'ল। লেঙেৰাই লেঙেৰাই মাৰকালিয়ে খোজ কঢ়া দেখি, কাম্পতিয়ে উদ্বিগ্নভাৱে ক’লে-মেঃতেৰক ফোন কৰক, ফাৰ্মাচীৰ পৰা টি. টি বেজী আনিবলৈ। ইয়াত,নবৃলৃং ডাক্তৰক মাৰিবলৈ দিম।- কাম্পতিয়ে উদ্গ্ৰীৱ হৈ কোৱা কথাটো নস্যাৎ কৰি মাৰকালিয়ে ক’লে- তুমি এনেই বেছি বেছি মাথা মাৰা! এইখিনি মাখি ছাল ছিগোঁতে যদি ইমান ভয় লাগে! দঃঞি- পঃলই নকৰক, মোৰ যদি হাত- ভৰি ভাঙি যায়...কথাটি শেষ কৰিব নিদি কাম্পতিয়ে চিঞৰি উঠিল-আপুনি কিযে মানুহ! তেনেকুৱা অমংগলীয়া কথাবোৰ কিয় কয় ! মই কিন্তু, কান্দি দিম আকৌ। -’কান্দি দিম বুলি কোৱা কাম্পতিৰ চকুৰ পৰা টোপা টোপাকৈ সৰি পৰা চকুপানীৰ নিয়ৰে মোৰ হিয়াখনি গধুৰ কৰি তুলিলে। মাৰকালিয়ে ক্ষমা খুজি ক’লে- ধেমালিয়ে কৰিছিলোঁ। তুুমি সঁছা সঁছাকৈ কিয় ধৰি লৈছা? ঠিক আছে কেতিয়াও তেনেকুৱা কথা দুনাই নকওঁ দিয়া।’ -কাম্পতিয়ে তাৰ কথাত বৰ সন্তোষ পালে যেন  কৰি হিম শীতল পৰা এক তলসুৰীয়া হাঁহি মাৰিলে। কিন্তু, মাৰকালিৰ বুকুৱেদি গুলিবিদ্ধ চৰাইপুঙৰ  সপোন এটি যেন তীব্ৰগতিৰে পাৰহৈ গ’ল…..

 ক্ৰমশঃ……


শব্দাৰ্থঃ- 

মেঃতেৰ- মৰমতে মতা নামবাচক সম্বোধন (নুমলীয়াৰ ক্ষেত্ৰত),  য়ামৰৃগ- অতিথি আদৰণি (ঢোল-তাল,নৃত্য গীতেৰে বিশেষ ৰুপত আদৰা কাৰ্য)


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages