বাটৰুৱা
জয়ন্তী গোস্বামী
তেজপুৰ
মইনা, গধূলি হ’ল ঘৰলৈ ব’ল
পশ্চিমৰ ৰঙা বেলি ধীৰে মাৰ গ’ল
ঘৰ মূৱা পক্ষীৰ জাকো নেদেখা হ’ল
মইনা ঘৰলৈ ব’ল
ডাঙৰ ডাঙৰ মানুহৰ ডাঙৰ ডাঙৰ গাড়ী
চকু ছাঁত মাৰি ধৰে মইনা
লাইতৰ পোহৰ পৰি
ভিক্ষাৰীৰ ল’ৰা তই
জীৱনৰ কোনো মূল্য নাই
অগা পিছা নকৰিবি
দিব খুন্দিয়াই।
হাত দীঘল মানুহৰ বৰ বৰ কথা,
দুখীয়াৰ দুখ নুবুজে
অকনো নাই মানৱতা
ভগা পঁজাৰ তলত বহি
মাযে চাগে আছে বাট চাই
টিপ ছাঁকি জ্বলাবলৈ কেৰাচিনো নাই
মইনা ঘৰলৈ ব’ল ।
বহুত দিন হ’ল মইনা
তোৰ পৰেনে মনত
দাইল ভাত খোৱা নাই
আমাৰ ঘৰত ।
এক টকাৰ তেল আৰু
দুই টকাৰ দাইল কিনি
লৈ যাও আমি দুকানৰ পৰা
আকাশৰ ৰঙা বেলি নাইকীয়া হ’ল
মইনা ঘৰলৈ ব’ল গধূলি হ’ল।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment