কাংকান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

কাংকান

 কাংকান 


              সঞ্জয় ৰেগন 

মিজোৰাম কেন্দ্ৰীয় বিশ্ববিদ্যালয়


তুমি বতৰা পাইছানে?

মোৰ হৃদয়ৰ প্রেমৰ বাতৰি।

কাংকান তোমাক লৈ,

ৰচিছোঁ বহু সপোন।

সময় উলিয়াই নিজ হাতে,

প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াম,

সঠিক সময়ৰ কৰিছো অপেক্ষা।


সত্ৰনগৰী মাজুলীৰ

কাৰেঙৰ লিগিৰী তুমি।

লুইত পাৰৰ বতাহজাকে

তোমাৰ নাম ৰিঙিয়াই যায়।

তুমি হেনো ডাক পঠিয়াইছা,

তোমাৰ নামৰ উৰুলি ধ্বনিৰে

মুখৰিত মোৰ হৃদয়ৰ ৰাজপ্ৰসাদ।


চন্দ্ৰৰ মিঠা জ্যোতিষ্ময়ী পোহৰে,

তোমাৰ মুখত আঁকে সপোনৰ ছবি।

নিশাৰ নিৰৱতাই সুধিছে মোক,

কেতিয়া পাম তোমাৰ সান্নিধ্য ৰবি?


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages