জীৱনৰ সুখ
আতিক আহমেদ
জেঙ্গনী, নগাঁও
ক’ত পাবা সুখ
যদি থাকে কপালত দুখ
এটা দুৰ্দিনৰ পিছত সুদিন আহে বুলি
আমি কৰি গৈছো জীৱন নিৰ্বাহ
তথাপিও সুখৰ সন্ধান পোৱা নাযায়।
দিনৰ দিনটো সুৰু সুৰা কৰ্ম ব্যস্ততাৰে
অ’ৰ পৰা ত’লৈ ঘুৰিছো মাথোঁ ঘুৰিছো
এই ঘুৰণীয়া পৃথিৱীৰ তালে তালে
মাথোঁ সুখৰ সন্ধান পাবলে।
আনৰ উপকাৰ কৰিও ব্যৰ্থ হও
সুখৰ সন্ভাৰ পাবলৈ।
সুখ জানো মানুহৰ অধীনত?
সুখী হ’ব খুজিলেই যদি সুখী হলেহয়
আজি সকলোৱে সুখী থাকিলে হয়।
সুখ মনৰ পৰা সৃষ্টি হোৱা এক অনুভুতি
যাক আমি ধৰি আনিব নোৱাৰি।
কিয় পাওঁ বাৰে বাৰে
দুখৰ উপৰিও দুখ
পুৱা ওলাই যাওঁ কামলৈ বুলি
এমুঠি সুখ যোগাৰ কৰিব নোৱাৰি
সন্ধ্যা কালত দুখেৰে ঘৰলৈ আহো ঘুৰি।
হাজিৰা কামেৰে পেট নুপুৰায়
কষ্ট হতাশাৰে ৰাতিটো পুৱায়।
কেতিয়াবা জীৱনটোৰ পৰা
পলায়ন কৰিবৰ বহুত মন যায়
কিন্তু পুত্ৰ কন্যা পত্নী কলৈ ৰাখিম
কথাবোৰ মনতে পাৰ হৈ যায়।
আমি আজি আছোঁ কালি নাই
তথাপিও সুখে আমাৰ সৈতে
প্ৰতাৰণা কৰি ভাল পায়।
জীৱনৰ জটিল ক্ষণতে উপনীত হৈ
দীঘলীয়া হুমনিয়াহৰ বাহিৰে একোৱেই
নাথাকে আমাৰ সম্বল
দীৰ্ঘ শ্বাহ হয় আমাৰ শেষৰটো
সুখৰ আশ্ৰয় স্থল।
কি দিলা কি নিলা জীৱন
এই হিচাপ নিকাচ আমি নকৰোঁ
নালাগে কৰিবলৈ
এটুপাল সুখৰ চকুলোতেই বিচাৰোঁ
সুখী হ’বলৈ।
ডাঙৰ সুখ বিলাসৰ ডাঙৰ সপোন দেখা
আমাৰ বাবে ভগৱানে নিষিদ্ধ কৰিছে
আমি নিবিচাৰোঁও নেদেখোঁও
তেনে সপোন আৰু ভোগ বিলাস,
মাথোঁ সন্তান কেইটাক সুখী ৰাখিবলৈ
দিন ৰাতিৰ কষ্টৰে কৰো হাবিয়াস।।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment