তোমাৰ বাবে নিলিখো মহাকাব্য শকুন্তলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

তোমাৰ বাবে নিলিখো মহাকাব্য শকুন্তলা

 

তোমাৰ বাবে নিলিখো মহাকাব্য শকুন্তলা


হিমাংশু কলিতা

গোলাঘাট 


তোমাৰ বাবে নিলিখো মহাকাব্য শকুন্তলা

যদিওবা  ফুলিছে মনৰ ফুলনিৰ এটি দুটি কলি

ইন্দ্ৰমালতী খৰিকাজাই আৰু ৰজনীগন্ধা

তথাপি তোমাৰ বাবে নুগুঠো মালা শকুন্তলা


মনৰ কুৰুক্ষেত্ৰত বাগৰিছে এটি দুটি যুদ্ধা

কোনোবা যুদ্ধাঘাট কোনোবা বের্ত্যাঘাট

শব্দৰ তীৰত নিগৰিছে হৃদয়ৰ তেজ

মৰহিব ধৰিছে তোমাৰ স্পর্শত ফুলি উঠা হৃদয়ৰ ৰক্তজৱা

তোমাৰ বাবে নিলিখো মহাকাব্য শকুন্তলা


বিশাদৰ নেওঁতা লিখি লিখি 

আশাত সাউদৰ কজলা নাওঁ মেলি

সুপ্ত কলিজা লুপ্ত কৰি

শুকান পৰিব খোজা কলিজাৰ কজলা কলিত

ৰোমিও জুলিয়েটৰ পৰা ধাৰ কৰা মৰমকণ ঢালি 

তোমাৰ বাবে নিলিখো মহাকাব্য শকুন্তলা।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages