আজিকালি মই প্ৰায়ে পিছলৈ চাওঁ
গীতা ৰাজখোৱা
গোলাঘাট
মই আজিকালি প্ৰায়ে
পিছলৈ চাওঁ,
কোনোবা মোৰ পিছে পিছে আহি থকাৰ আশাত নহয়, মই মোক একান্তই মনে মনে দেখাৰ আশাত।
মজিয়াত ঘটীৰ পানী অকণ চটিয়াই
পিৰাৰ কাষত ৰৈ থকা কাঁহীখনৰ আশাত
মই পিছলৈ চাওঁ।
পথাৰত মৈ দিয়াৰ দিনা
মাছৰ উজান উঠোতে
কঠাল গুটিৰে টেঙা আজ্ঞাত উপঙি থকা মাছ অকণ বিচাৰি
মই আজিকালি প্ৰায়ে পিছলৈ চাওঁ।
জেঠৰ গৰমত শেতেলি এৰি নিশা ওলাই অহা আইতাক বিচাৰি মই আজিকালি প্ৰায়ে পিছলৈ চাওঁ
হাতত বিচনীৰ বা
আকাশত তৰাৰ তৰাৱলী
অহ! তাতেই মই বিচাৰি চাওঁ
মোৰ হেৰুৱা দেউতাক
তেতিয়া আইতাৰ কোলাত সাধুবোৰ শুই পৰে।
সন্ধ্যা নঙলামুখৰ যাগটোত
মহবোৰে আত্মজাহ দিয়ে
ঘৰলৈ ঘূৰা গৰুবোৰ ৰাতিটোৰ বাবে কুশলে থকাৰ আশাত
প্ৰাৰ্থনাৰ পিছৰ বৰগীত এটা হৈ সন্ধ্যা নিমগ্ন হয় নিশাত অৱগাহনৰ বাবে।
মই পিছলৈ চাই
দুখৰ হেৰুৱা পৃথিৱীত সন্তৰ্পণে খোজকাঢ়ি ফুৰোঁ।
ষ্টুডিয়ত তোলা ফটোবোৰত
হাত ফুৰাই বিচাৰি ফুৰোঁ বন্ধুত্বক
আছে জানো একে ভাজত?
জানো–
দুখৰ বোকোচাত উঠি এতিয়া যে একো লাভ নাই
তথাপিও পিছলৈ চাওঁ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment