মৰমবোৰ অনামিকা আঙুলিত বান্ধি
ৰূপা গগৈ
তোমাৰ মৰমৰ উপহাৰবোৰ আজি মোৰ
সোনাৰুফুলীয়া হাঁহি
আস্ঃ কি ভালপোৱাৰ মাদকতা
মন আজি উৰিছে নীল আকাশত এখনি ৰঙীণ চিলা হৈ
দুয়োৰে মৰমবোৰ অনামিকা আঙুলিত বান্ধি লৈ।
না না বুলোঁতে বুলোঁতে
আজি কৈ দিলোঁ হাঁ--- হাঁ---হাঁ
কলিজা আজি মোৰ কৃষ্ণচূড়া ৰঙেৰে ৰঙচুৱা।
দূৰে দূৰে নৰ’বা প্ৰিয়
অধীৰ অপেক্ষাৰে আছোঁ ৰৈ তোমালৈ
আকুলৱা পৰাণ মোৰ
দিয়াহি উপচায় তোমাৰ অজস্ৰ ভালপোৱাৰে
জোন-বেলিক সাক্ষী কৰি
হ’ম দুয়ো জীৱন বাটৰ লগৰী সুখ-দূখৰ প্ৰতিটো ক্ষণত
মৰমৰ চানেকিৰে গঢ়িম দুয়ো মিলনৰ সেতু
তুমিময় মিলি আমি হ’ম
হাতত হাত থৈ
চকুত চকু থৈ
বুকুৱে বুকুৱে পাতিম মনৰ কথা
কৰিম দুয়ো পণ
সকলো বাধা নেওচি
চিৰকাললৈ এক হৈ ৰ’ম।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment