ছায়া নে মায়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, February 1, 2025

ছায়া নে মায়া

 

ছায়া নে মায়া


                    অশোক ৰাম ভট্টাচাৰ্য্য

                     আমোলা পট্টি, নগাঁও


কান্দোনবোৰক হাঁহি কৰি

এটি কবিতা লিখিম

তেতিয়াহে বিচাৰি পাম

হাঁহিৰ মাধুৰ্য আৰু শোকৰ বন্যাক,

সুখৰ মাজতো আছে  কাৰুণ্যৰ ছায়া

তথা হৃদয়ৰ প্ৰজ্বলিত কায়া

এনেও হ’ব পাৰে নেকি ?

হাঁহাজনে আঁচলতে কান্দে

হাঁহি হাঁহি জিকে কাৰুণ্যৰ ছায়াক

কান্দি কান্দি জিকে আনন্দৰ মায়াক।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages