অকলে আছোঁ কুশলে আছোঁ
মনালিছা শইকীয়া
বোকাখাত
অকলে আছোঁ কুশলে আছোঁ
সীমাহীন সমস্যাৰ দীঘলীয়া বাটটোত
নিজেই দুখৰ গতিৰোধক নিৰ্মাণ কৰিছোঁ
কলিজা বিদাৰি বৈ অহা চকুপানীবোৰ
চকুৰ পটাত সকাতৰে শুকুৱাই শুকুৱাই
একেখন চামিয়ানাৰ তলত জিৰণি লৈছোঁ
কেনে আছোঁ মই
কেনে আছে আপুনি
আছেনে আপোনাৰ অন্তহীন আকাংক্ষা
আছেনে কুশলে আপোনাৰ অপৰিপক্ক চিন্তা চেতনা
সকলোবোৰচোন এতিয়া
ছিন্নমূল ধাৰণাৰ অপাংক্তেয় ব্যথা
চেতন প্ৰৱাহত ডুব যোৱা এসোঁতা ভৰষা
আত্মকেন্দ্ৰিকতাৰ জলাশয়ত
মন আৰু মগজুৰ কচৰৎ কৰি কৰি
ফুল আৰু পখিলাৰ সৈতে মোৰ বিনম্ৰ পৰিভ্ৰমণ
মনত পৰেনে আপোনাৰ
এৰিথৈ যোৱা নিসংগ হাতদুখনলৈ
এৰি যোৱা হাতদুখন
সুহৃদজনৰ সেৱাৰ্থে দিলোঁ
নষ্ট গদ্যৰ পাঠবোৰ পোতাশাললৈ দলিয়ালো
নীৰৱে নিতালে নিজানত নিজক অৰ্পণ কৰিলো
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment