সমাজ
প্ৰিয়ংকা দাস
সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কামৰূপ
শৰীৰৰ ভোকত বদনাম প্রেম
ব্যস্ত সমাজত লজ্জিত সময়
অশ্লিনতা আজিৰ আধুনিকতা
চিগাৰেটৰ ধোৱাত উৰিছে
এজাক বিষাদৰ ডাৱৰ,
তুলনাৰ বোজাত জ্বলিছে
আত্মবিশ্বাসৰ চিতা।
শৰীৰ লোভি দুষ্ট প্ৰেমিকৰ
প্ৰেমিকাৰ বদনাম,
বন্দী আজি শব্দবোৰ
কল্পনাৰ আৰত,
মুখা পিন্ধা এজাক বিদুষীয়ে
দিয়ে সফলতাৰ সংজ্ঞা,
হাঁহিৰ চপৰাবোৰত আবদ্ধ
মৃত্যুয়ে ৰৈছে আশাৰ চাঁকিলৈ।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment