জিভা
ৰিজু মণি বৰা
নগাঁও
বজাৰত জুই লাগিছে
ইফালে, জিভাৰ এটিটিউদ বাঢ়িছে
জিভাৰ কামো বাঢ়িছে
জিভা এতিয়া বিৰাট বিজি
জিভাই সঁচা কোৱাৰ লগতে
মিছা প্ৰশংসাও কৰে
মিছা প্ৰশংসা কৰিলে
জিভাৰ প্ৰফিত হয়
জিভা মালামাল হৈ যাব পাৰে
প্ৰয়োজন হ'লে জিভাই
ভৰিও চেলেকে
আনে নেদেখাকে,
জিভাখন কেতিয়াবা বোবা হৈ থাকে
জিভাখনে কথা ক’বলৈ শিকিলেই
বিপদ আহে
কেতিয়াবা
জেলৰো আলহী হ’বগৈ পাৰে
সেয়েহে জিভাই ছেগ বুজি বোবা হৈ থাকে।
জিভাই ঘৰত কুকুৰে খোৱা খাদ্য খাই
বাহিৰত মাংসৰ ভাত খায় বুলি জহাই ফুৰে
মুঠতে,
জিভাৰ দিমাণ্ড বাঢ়িল
জিভা এতিয়া বিৰাট বিজি।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment