তুমি দিয়া দুখ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

তুমি দিয়া দুখ

 

তুমি দিয়া দুখ


                        জিয়াবুৰ ৰহমান 

              উত্তৰ কলাডুৱা, নগাঁও 


তুমি দিয়া দুখ 

আজি তিল তিলকৈ 

সহিব লগা হৈছে 

প্ৰতিটো নিশা বেদনাৰে 

পাৰ কৰিব লগা হৈছে 

নিশাৰ নিৰবতাই 

এটি এটি যন্ত্ৰনা হৈ 

মোক আৱৰি ৰাখে জানা 

কি পাব লাগিছিল 

আৰু কি পাইছোঁ 

তোমাৰ পৰা এনে পোৱাটো 

মই কেতিয়াও আশা কৰা নাছিলোঁ 

বিষাদৰ তামৰঙী এচাটি বৰষুণ 

মোৰ এতিয়া প্ৰিয় জানা 

আজিকালি নিশাৰ এমুঠি জোন হৈ 

নিশাৰ নিস্তব্দতাৰ লগত কথা পাতো 

তুমি দিয়া মৰমত মই কিদৰে

বলীয়া হৈছিলোঁ

আৰু আজি সেই মৰম কেনেকৈ 

যন্ত্ৰনালৈ সলনি হ’ল 

আকাশৰ কলা মেঘ হৈ 

মই এতিয়া চাই থাকিম 

তোমাৰ হৃদয়ৰ অৰণ্যলৈ।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages