কেটেৰেক্ট
সঞ্জীৱ সাগৰ চৌধুৰী
ভাইটোৰ বাকী সকলো ঠিকেই আছে
মাথোঁ বিহুটো আহিলে ধৰিব নোৱাৰে
উৎসৱ নে বিপদ
বোৱাৰীজনীয়ে আকৌ সন্তান এটা পালে বুজিব নোৱাৰে
আপদ নে সম্পদ
ভাইটোৱে আজিকালি একো ধৰিব নোৱাৰে
একো বুজিব নোৱাৰে
পিৰালিত এচুকহৈ বহি থাকিলে মনিব নোৱাৰে
বাটেদি কোনে ভাইটি বুলি মাতি গ'ল
তত নেপাই
ঘৰলৈ কোন আহি কি লৈ গ’ল
ভাইটোৰ চকুত ছানি
মনত ছানি
ছানি গোটেই মগজুত
ভাইটোৱে এতিয়া বুজিব নোৱাৰে
কাছমাৰি পথাৰৰ মাটি ছপোৰা বনীয়াৰ হাতলৈ কেনেকৈ গ’ল
গাঁৱৰ কুঁহিয়াৰতলি কেইডৰা বৰপুতেকে কিয় খাল খান্দিলে
ভাইটোৱে এইবোৰ একো গমিব নোৱাৰে
দুকুৰি পাৰ নৌহঁওতেই
ভাইটোৰ চকুত চানি
মনত ছানি
মগজুত ছানি
আগতে আলহি আহিলে ক’ত থ’ম ক’ত নথ’ম
কি খুৱাম কি নুখুৱাম কৰা মানুহটো এতিয়া
নিজেই আলহি হৈ বহি থাকে এচুকত
যাবৰ পৰত আলহিয়ে সুধি যায়
আলহিক চিনি নেপালোঁ দেখোন বুলি
ভাইটোৰ চকুত ছানি
মনত ছানি
মগজুত ছানি
হে’ পাঠক নিৰাশ হৈছে নেকি
ভাইটো এনেকৈ ৰুগীয়া হৈ আপোন ঘৰখনতে আলহি হৈ পৰা
এই ঘটনাটো কবিতা নহয়
নোহোৱাই ভাল
আৰু ভাল মোৰ ভাইটো সোনকালে ভালহৈ উঠাটো
তাতোকৈ ভাল
কোনো কবিয়ে কেতিয়াও
এনে অকবিতা লিখিবলগীয়া নোহোৱাটো….
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment