কবিতা
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
হাতত প্ৰতিবাদৰ(!) জুমুঠিলৈ
সমদল এটা আগুৱায়
আমাক স্বাধীনতা লাগে
আমাক ন্যায় লাগে
আমাক আমাক লাগে
আমি আমি হৈ থাকিলে
মাজত মূৰ গুজিব নোৱাৰে
খেৰ এডালেও
তথাপি আমাৰ
ডিঙিবোৰে ভালপায়
শোষণৰ শালৰ জয়াল গান
জানো সাধুকথাৰ (!)
কোনটো এলাগী চৰিত্ৰত
নিজে নিজে খাপ খাম আমি
বসন্ত আহিব বুলি
বাট চাই থাকোতেই
বাগৰ সলাই হুমুনিয়াহৰ বছৰে
এতিয়া পথাৰত শস্য নাথাকে
জানো এই কথা নুবুজে কিয়
ডেউকাৰ চৰাইবোৰে অ’ চম্পাৱতী.....
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment