ফাগুন
প্ৰিয়ংকা চমুৱা
ঢকুৱাখনা, লখিমপুৰ
বাউলী পছোৱাৰ বা লাগি
উচাতন মনৰ তৰণি নোহোৱা
মেঘালী উলাহৰ নাম ফাগুন
আৰম্ভনি কৰে ই নবতম ৰাগৰ সপোন।
পলাশ বুলিয়া আশাৰ তাতিনি ভাঁজত
তৰি কাটি আগুৱাই ডেকা গাভৰুৱে
বেজাৰ নিচুকাই আশাৰ দিশে
থৰ লগা দিনৰ মেৰ এৰি আইতাই
মেলি লয় তাঁতৰ শাল।
ফাগুন মানেই অভিমানৰ দৰিয়লি
হেঁপাহৰ প্ৰাচীন ঠিকনা
মন ময়ুৰিৰ বিলাস
ভালপোৱাৰ চিৰন্তন ৰাগ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment