(গীতিকাব্য)
অনুৰাগ
মুকতাৰ আলী
যোৰহাট চিকিৎসা মহাবিদ্যালয়
ঘুমটি ভাগি তোমাৰ সোঁৱৰণী
এছাটি মিঠা ৰ’দৰ জিলিঙনি,
অনুৰাগী মনৰ মিঠা মিঠা আমনি
গুপুতে ৰচা আধাতে শেষ কাহিনী।
অভিপ্ৰায়ী মন মোৰ
তোমাৰে অনুৰাগী,
নিতাল নিশাত
সপোনৰ ছাঁয়াৰ শব্দবোৰ
বুটলোঁ লেচেৰি।
হৃদয়ে গায় প্ৰেমৰ গীত
নিৰলে শুনোঁ প্ৰতিধ্বনি,
সিৰে সিৰে বয়
তোমাৰ অনুৰাগৰ স্ৰোতস্বিনী।
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment