তুমি ৰচা গানৰ নষ্ট গায়ক মই
প্ৰসন্ন তালুকদাৰ
গুৱাহাটী
তুমিতো ইমান কঠিন নাছিলা
কেনেকৈ ৰচি গাবলৈ দিলা মোক ইমান টান গান
যিমানেই সুৰ দিবলৈ চেষ্টা কৰিছোঁ
সিমানেই বেসুৰা হৈ উঠিছে।
তুমি নুশুনিলেও
মোৰ মাত শুনি ভালপোৱা বনৰ পখীবোৰ
আজিচোন আঁতৰি গৈছে
এতিয়াও সঠিককৈ নুবুজিলোঁ
গানটো কঠিন নে মোৰ কণ্ঠ কঠিন !
চকুৰে দেখি কাৰোবাৰ মনক বুজা কথাটো সহজ নহয়
কথাষাৰ সঁচা যেন অনুভৱ কৰিছোঁ আজি
কিন্তু মোৰ কণ্ঠ ইমান কৰ্কশ নাছিল
কিয় জানো তুমি ৰচা গানৰ সুৰ দিবলৈ গৈ
হৈ পৰিলোঁ মই এতিয়া নষ্ট গায়ক
তুমি ৰচা গান গাই গাই আজি আঁকোৱালি ল’লোঁ নিঃসংগতা।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment