শীতৰ অভিশপ্ত জীৱন
পাৰ্থজিৎ নাথ
ওদালগুৰি
ঠেঁটুৱৈ ধৰা পুহৰ ৰাতি
কুঁৱলীৰ ডাঠ আচ্ছাদন,
শেতেলিত পৰি ৰৈছে দুটি জীৱন
এফালে জাৰত থক থককৈ কঁপিছে সি
গাত ল'বলৈ তাৰ এখনেই পাতল কম্বল
তাকো কেইবাঠাইতো ফটা
মজিয়াত পাৰি লোৱা বস্তাটোও
তলপিনৰ পৰা সেমেকি আহিছে।
উমাল বিলাসী কোঠাৰ
দামী বিছনাত শুই থকা মানুহবোৰে নাপায়
তাৰ একো খবৰ।
কাষত পৰি থকা কুকুৰটোকে সি কাষ চপাই আনিছে,
সাৱটি ধৰিছে তাক
কিজানিবা অকণমান উম পায়!
ৰাতি তাৰ খবৰ নোপোৱা উমাল কোঠাৰ গৰাকীয়ে
ৰাতিপুৱাই তাৰ খবৰটো পায়।
শিল যেন চেঁচা তাৰ নিথৰ দেহটো
ৰাতিপুৱালৈ পৰি ৰয় নিৰ্জন ফুটপাথৰ ওপৰত।
গোটেই ৰাতি তাক উম দিয়া কুকুৰটোও
বুকুৰ মাজৰ পৰা লাহেকৈ ওলাই
তাৰ গাটো শুঙি আঁতৰি গুচি যায়,
কাষ চাপি আহে মাত্ৰ কেইটামান ভেনামাখি
তাৰ দুখৰ কথা কৈ চকুলো টুকিবলৈ
আৰু কেইটামান উৰি যায়
জগতত তাৰ মৃত্যুৰ খবৰ বিলাবলৈ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment