পলাশৰঙী এজনী গাভৰুৰ ব্যাকুল আঙুলী
আচিন আঙপৃতা টায়ুং
ঢেকীয়া বুটলা তোমাৰ সুৰ্যমুখী হাতৰ স্পৰ্শত
পুহমহীয়া তীক্ষ্ণ শীতৰ বিস্ময় মৃত্যু হ’লেই
উদ্ভিদে প্ৰসৱ কৰে ঋতু
মাটি আৰু বোকা নিষিদ্ধ তোমাৰ মৃন্ময় আঙুলি
চকলা চিকুটি চিকুটিয়েইটো ৰঙা হৈছে
তুমি পানী অনা ঘাটৰ চুপতি এৰাত
এজাক বিপ্লৱী ডেকাই
তোমাৰ বিৰুদ্ধে সূচনা কৰিছিল বিদ্ৰোহ
মইও তোমাৰ কাজলৰ গোন্ধ বিচাৰি
শীতল নাওঁ বাই ঘাটৰ সিপাৰ কৰো মোৰ মন
তোমাৰ উপেক্ষাৰ গৰল পান কৰিয়েইটো
মৃত্যু হৈ শ’ৱবোৰো উপঙে ঘাটত
কত ডেকাৰ নৰকংকাল তোমাৰ চাপৰিত
তেজ ভালপোৱা শগুনৰ
এতিয়া প্ৰিয় হৈ পৰিছে পলাশৰঙী গাভৰুজনী
বেলি দুবিলেই মই দাবী কৰোঁ
সেই তোমাৰ চকুৰ তীক্ষ্ণতা আৰু
তোমাৰ আঙুলীৰ আগ্ৰহ মোৰ বাবেইটো
হিংস্ৰতাৰে উত্থিত হৈ লাহে লাহে ভাগি পৰে
তোমাৰ উঁঠ কপি উঠিলেই
তুমি উন্মাদ বেগৱতী মানুহ হ’ব খোজা
পলাশৰঙী গালদুখনীৰ অমৰত্বৰ বাবেইটো
প্ৰচণ্ড শ্ৰমেৰে মন্থিত সাগৰত অমৃত আজুৰাৰ দুৰ্বাৰ হেপাহ পুহো
শ্ৰম কৰি কৰি ভীষন জ্বৰত
মোৰ আঙুলীবোৰৰ অসুখ হলে
দুবৰিৰ দৰে বিস্তাৰিত তোমাৰ উত্তপ্ত নীলা প্ৰেমত
মই আকৌ স্বাভাৱিক হৈ উঠিম
ঐয়াও যৌৱন আকাশত মেঘ ফুলি
অনুবৃষ্টি আৰম্ভ হওঁতেই আমাৰ চেনেহৰ গোমধানত
পকিছিল তৰা
বগলীৰ হতে দৰিকনা খেদি ফুৰা স্বভাৱ
তোমাৰ আঙুলীবোৰত এতিয়াও মলমলীয়া হৈ আছে
উদ্ভিদ ছিঙি
পাহাৰ কাটি সঞ্চিত
শৈলুৱৈৰঙী ধাতুৰে সজাম
কামনাৰ বিচা বগোৱা তোমাৰ অনামিকা আঙুলী
আৰু জোন হৈ জ্বলিবা তুমি পলাশৰঙী।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৫
No comments:
Post a Comment