পিতৃ মাতৃ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

পিতৃ মাতৃ

 

পিতৃ মাতৃ


                   বিজু বৈদ্য

                       নগাঁও


দহ মাহ দহ দিন

গৰ্ভত লৈ মাতৃয়ে

দিছিল জনম

অনেক কষ্টৰে জীৱনৰ পথ

পিতৃয়ে কৰিলে বহন ।

মাতৃৰ আঁচলত ধৰি পাৰ হয়

শৈশৱৰ ৰং ধেমালি আৰু

দুচকুত দেখা দিয়ে সদায় 

মৰম সনা চাৱনি।

পিতৃয়ে আলফুলে দুহাতত ধৰি

খোজ দিবলে শিকাই

শৈশৱতে কান্ধত বহুৱাই

খেলা ধুলা কৰাই।

পিতৃ মাতৃৰ বুকুতেই পাৰ হয়

শৈশৱৰ ৰংধেমালি

যৌৱনৰ দুৱাৰদলি

আৰু শৈক্ষিক জীৱন ।

নীতি নিয়মৰ মাজেৰে আমাক

ভাল বেয়া সকলো দিশে

জয় কৰি যোৱাত সহায়ৰ

হাত দেখুৱাই ।

পিতৃ মাতৃৰ আদেশ সদায়ে

মানি চলিবা,

জগতৰ কল্যাণী ৰূপে

মাতৃক পালিবা।

বৃদ্ধকালত পিতৃমাতৃক

নিয়মে ভজিবা

মানৱ ধৰ্ম সেৱা কৰি

পুণ্য অৰ্জন কৰিবা।।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages