বিশ্বায়নৰ দৰে
গাৰ্গী ভূঞা
দৰঙ্গীচুক, যোৰহাট
মোৰ জন্মৰ লগে লগে তোমাৰো জন্ম হ’ল
জন্ম হ’ল আমাৰ দৰে অনেকৰ
মোৰ লগতেই জন্ম হ’ল সুখ আৰু অসুখৰ
বিষ আৰু বিষনাশী দৰবৰ
মোৰ লগে লগেই সকলো বাঢ়িল
মোৰ আত্মোৎসাহ হিমালয়ৰ সমান উচ্চ হ’ল
আৰু হিমালয় বিজয়ৰ উৎসাহ সকলোৰে বাঢ়িল
মই, বৃদ্ধ হোৱাৰ দিনা
বাৰণ্ডাৰ আৰামিখনত বহি ৰ’ল
মোৰ দৰে সকলোৰে অসুখ
আৰু সুখৰ শিপাবোৰ গ্ৰীলত ওলমি থকা টাবৰ পৰা নিগৰি আহিল
লাহে লাহে...
যিদৰে মই বিয়পি পৰিলোঁ সকলোৰে মাজতে
ঠিক তেনেদৰে সকলোৰে সুখ-অসুখ অন্তৰ্নিহিত হ’ল মোৰ মাজতো
যেতিয়া মোৰ মৃত্যু হ’ল সকলোৰে মৃত্যু হ’ল
আচলতে মোৰ জন্ম আৰু মৃত্যু
ঠিক বিশ্বায়নৰ দৰেই...
Doksiri দকচিৰি, মাৰ্চ, ২০২৫
No comments:
Post a Comment