নৈ…
বিশ্বজিৎ গগৈ
গোগামুখ
বিশ্ৰাম হীনতাৰ সময়বোৰ
শিলঘৰীয়া মাছটোৱে জুখিছে তাৰ অনিশ্চয়তা জীৱনটোৰে
নিদ্ৰাকাতৰ শিলবোৰৰ কেঁচা ঘুমুটি কাঢ়ি
গতিশীলতাৰ ৰূপ ছন্দৰত
পৰিৱৰ্তন অবিৰত জীৱন যাত্ৰাৰ।
বুকুৰ গভীৰতা ফালি
ইপাৰৰ পৰা সিপাৰলৈ চলিছে ছৈ
প্ৰগতিৰ জখলাৰে মানুহে ভেঁটিছে নৈ
বান্ধিছে গতি, ৰোধিছে পানী
সাজিছে দলং, চলিছে খনন
তথাপি আছে বৈ নীৰৱে নদী হৈ।
ফটিক পানীৰ উপচা প্ৰেমৰ
সৰ্পিল দেহৰ একা-বেঁকা ভাঁজত
উৰ্বৰ দুয়োটি পাৰত
কেঁচা ঘাম পৰি পৰি, সোণ হৈ কমাইছে
জীৱন হৈ শিপাইছে হাঁহি।
আশা হৈ ফুলিছে কঁহুৱা-খাগৰি
বালিমাহী এজাক বালিৰ পাপৰি
এচিকুত মৰমৰ আকুল ঠিকনাত
কাৰ নো লাগিলে নজৰ (চকু)?
হৰ্ঠাতে হাঁহিবোৰ হিম হৈ বৰষে
চকুত নাই টোপনি আজিও,
নিৰৱে বয় চোন জানিও!
Doksiri দকচিৰি, মাৰ্চ, ২০২৫

No comments:
Post a Comment