মাঘৰ কুৱলী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, February 28, 2025

মাঘৰ কুৱলী

 

মাঘৰ কুৱলী


                        ললিত দৈমাৰী

                             তেজপুৰ


মাঘৰ কুৱলী—

আকাশখনক চাৰিওফালে 

তুষাৰ পাতে আৱৰিছে।

জীপাল হৈ উঠিব 

ব্ৰহ্মপুত্ৰ নদীৰ মোহনা

শুকলা ডাৱৰত মেঘ ৰঞ্জনীয়ে 

হিম শীতল প্ৰভাতী কিৰনত 

কুহিপাত বোৰে অনাবিল সুখ বিচাৰি

প্ৰাণ মতলীয়া হ’ল।

মাঘৰ কুৱলী—

এটোপাল নিয়ৰে 

অন্তৰ ভেদি যায় 

জন সমুদ্ৰ লৈ 

মাঘৰ কুৱলী—

সেমেকা লাজুকী বনৰ পাহী

গছকত মৰহি পৰে।

মাঘৰ কুৱলী—

বিশ্বব্ৰহ্মাণ্ডত অলৌকিক পৰিঘটনাৰ 

মহাজাগতিক বিৰল প্ৰতিবিম্বৰ দৃশ্যায়নে 

নৱ সৃষ্টিৰ স্পন্দনশীল

মাঘৰ কুৱলীয়ে অনুভৱ প্ৰিয় কৰিব।।


Doksiri দকচিৰি, মাৰ্চ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages